গুৱাহাটী ৰে’ল ষ্টেছনত ২০ লাখ টকা মূল্যৰ সোণসহ এজনক আটক…

179

মঙলবাৰে ৰে’ল আৰক্ষীয়ে গুৱাহাটী ৰে’ল ষ্টেচনত বৃহৎ পৰিমাণৰ সোণ জব্দ কৰে।

জব্দ সন্দৰ্ভত চম্পদ ৰাও নামৰ এজন ব্যক্তিক আটক কৰা হৈছে।

জিআৰপিয়ে অভিযান চলাই ৰে’ল ষ্টেচনৰ পৰা জব্দ কৰে প্ৰায় ৩২০ গ্ৰাম সোণ।

গোপন খবৰৰ ভিত্তিত অভিযান চলাই জিআৰপিয়ে সোণখিনি জব্দ কৰাৰ লগতে এজন লোকক আটক কৰে।

জানিব পৰা মতে, আগৰতলাৰ পৰা ৰাষ্ট্ৰীয় ৰাজধানীলৈ চোৰাংভাৱে সোণ সৰবৰাহ কৰি থকা অৱস্থাত গুৱাহাটীত আটক কৰা হয়।

জব্দ কৰা সোণখিনিৰ আনুমানিক মূল্য ২০ লাখ টকা বুলি জানিব পৰা গৈছে।