গুৱাহাটী ৰে’ল ষ্টেছনত উদ্ধাৰ প্ৰায় ডেৰ কোটি টকা, আটক ৩ জন

116

গুৱাহাটী ৰে’ল ষ্টেছনত মঙলবাৰে পুৱা ৰে’ল আৰক্ষীৰ অভিযানত জব্দ হয় প্ৰায় ডেৰ কোটি টকা নগদ ধন। তিনিজন যুৱকে তিনিটা বেগত টকাখিনি লৈ অনাৰ সময়তে ৰে’ল আৰক্ষীয়ে জব্দ কৰে নগদ ধনখিনি। ঘটনা সন্দৰ্ভত যুৱক তিনিজনক আটক কৰিছে আৰক্ষীয়ে।

জানিব পৰা মতে, সোমবাৰে অভিষেক শৰ্মা নামৰ লোকজনে অৰুণাচল প্ৰদেশৰ পৰা এই ১ কোটি ৪৮ লাখ ৩০ হাজাৰ ৬০০ টকা লৈ আনিছিল। আনহাতে পূৰ্বৰে পৰা গুৱাহাটী ৰে’ল ষ্টেছনত ৰৈ আছিল আন দুজন লোক।

টকাখিনি ক’ৰ পৰা আৰু কাক দিবলৈ যুৱক তিনিজনে আনিছিল সেই বিষয়ে এতিয়াও কোনো তথ্য লাভ কৰা নাই আৰক্ষীয়ে। ধৃত যুৱক তিনিজনক ক্ৰমে উত্তৰপ্ৰদেশৰ অভিষেক শৰ্মা, উমেশ চান্দ শৰ্মা আৰু নতুন দিল্লীৰ পৱন কুমাৰ বুলি চিনাক্ত কৰা হৈছে। তিনিওজনৰ বিৰুদ্ধে GRP 20/2022 IPC 120B/417/420/379/34 নম্বৰত ৰুজু কৰা হৈছে গোচৰ।