গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ কনিষ্ঠ চিকিৎসক সন্থাৰ *বিশ্ব থেলাছেমিয়া দিৱস’ পালন

90

ষ্টাফ ৰিপোৰ্টাৰ: গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ কনিষ্ঠ চিকিৎসক সন্থাই বিশ্ব থেলাছেমিয়া দিৱস উপলক্ষে “ক্লিনিকেল হেমাতলজি বিভাগ” আৰু “ষ্টেট অৱ দ আৰ্ট মডেল ব্লাড বেংক”ৰ সহযোগত চলিত মাহৰ ৬মে ত পৰা ৮ মে লৈ লোহিতাঞ্জলী নামেৰে এক ৰক্তদান শিবিৰৰ আয়োজন কৰিছে। এই শিবিৰৰ প্ৰথম দিনটোত অলেখ দাতাই স্বয়ংক্ৰিয় ভাবে ৰক্তদান কৰি এই শিবিৰৰ উদ্দেশ্য সফল হোৱাত যথেষ্ট অৰিহনা যোগায়। বিশ্বজুৰি কৰণা মহামাৰীৰ বাবে চলি থকা লকদাউনে চিকিৎসালয় খনৰ তেজৰ ভঁৰালত সংৰক্ষিত তেজৰ পৰিমাণ যথেষ্ট পৰিমাণে হ্ৰাস কৰিছে। এই ৰক্তদান শিবিৰৰ পদক্ষেপটোৱে চিকিৎসালয়ত খালি হৈ যাবলৈ ধৰা ৰক্তভঁৰালটোক পুনৰ ভৰাই তোলাত যথেষ্ট সহায় কৰিছে। গতিকে প্ৰথম দিনটোৰ দৰে আগন্তুক দিন দুটাতো যেন সকলোৱে আমাক এনেদৰে সহায় কৰি কাৰ্যসূচীটো সফল কৰাত সহায় কৰে।অসম ৰাজ্যিক স্বাস্থ্য আৰু পৰিয়াল মন্ত্ৰালয় মন্ত্ৰী পিযুষ হাজৰিকা প্ৰমুখ্যে অন্যান্য অতিথি সমূহ এই শিবিৰত উপস্থিত থাকে। পিযুষ হাজৰিকা মুখ্য অতিথি হিচাপে উপস্থিত থাকি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে আৰু কণিষ্ঠ চিকিৎসক সন্থাক ভৱিষ্যতেও লোহিতাঞ্জলী শিবিৰৰ আয়োজন কৰিবলৈ অনুপ্ৰেৰণা যোগায়। চিকিৎসাবিজ্ঞান শিক্ষাৰ অধ্যক্ষ ডাঃ অনুপ কুমাৰ বৰ্মন, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ তথা মুখ্য সঞ্চালক ডাঃ ৰত্নকান্ত তালুকদাৰ, চিকিৎসালয় পৰিচালক ডাঃ ৰমেন তালুকদাৰ, ষ্টেট অৱ দ আৰ্ট মডেল ব্লাড বেংকৰ তত্ত্বাৱধায় ক ডাঃ তীৰ্থ চলিহা , হেমাতলজি বিভাগৰ মুৰব্বী অধ্যাপক জিনা ভট্টাচাৰ্য্যৰ লগতে স্বেচ্ছাসেৱী সংগঠন দিনবন্ধু ৰ সৃষ্টিকৰ্তা অৰ্চনা বৰঠাকুৰেও এই কাৰ্যসূচীৰ শোভা বৰ্ধন কৰে।
জি এম চি এইচৰ ৰ কণিষ্ঠ চিকিৎসক সন্থাই চিকিৎসালয় খনৰ তেজৰ ভঁৰালত তেজৰ পৰিমাণ যাতে হ্ৰাস নাপাই আৰু থেলাছেমিয়াৰ লগতে অন্য ৰোগ সমূহৰো চিকিৎসা তেওঁলোকে কৰি থাকিব পাৰে তাৰ প্ৰতি গুৰুত্ব প্ৰদান কৰে। কণিষ্ঠ চিকিৎসক সন্থাই দাতা সকলক ধন্যবাদ জনোৱাৰ লগতে সকলোকে এনেবোৰ কাৰ্যবোৰৰ বাবে উদগনি যোগায়। এই কাৰ্যৰ প্ৰধান আৰু মুখ্য উদ্দেশ্য হৈছে বহুতো প্ৰাণ ৰক্ষা কৰা।