খোৱাঙৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ গেমন দলঙত বাঁ‌হৰ ৰেলিঙে কঢ়িয়াইছে বিপদৰ আশংকা

83

ৰাজু মিশ্ৰ, মৰাণঃ ডিব্ৰুগড় জিলা গড়কাপ্তানী বিভাগৰ পথ সমূহৰ জৰাজীৰ্ণ অৱস্থাই জীয়াতু ভুগাইছে ৰাইজক। পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতি দিয়া চৰকাৰৰ দিনত গড়কাপ্তানী পথৰ লগতে গ্ৰাম্যাঞ্চলৰ পথ সমূহৰ কিছু উন্নয়ন হ’ল যদিও জিলাখনৰ মূল পথসমূহ আজিও জৰাজীৰ্ণ। জিলাখনৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ লগতে থকা গুৰুত্বপূৰ্ণ দলং কেইখন মেৰামতি কৰাত অলপো গুৰুত্ব নিদিলে গড়কাপ্তানী বিভাগে। ফলত অতি বিপদজনক হৈ পৰিছে ডিব্ৰুগড় জিলাৰ খোৱাঙৰ সমীপৰ গেমন দলংখন।

বহু বছৰ পুৰণি এই দলংখনৰ কাষৰ ৰেলিং সমূহ বৰ্তমান উৱলি যাব ধৰিছে। ইয়াৰ উপৰিও এক দুৰ্ঘটনাত প্ৰায় পঞ্চাশ মিটাৰ দৈৰ্ঘ্যৰ দলঙৰ ৰেলিং ভাঙি গৈছিল। ইয়াৰ পাছতে এই দলংখনৰ ৰেলিং সমূহ সংশ্লিষ্ট বিভাগে পুনৰ মেৰামতি কৰাৰ পৰিৱৰ্তে বাঁ‌হৰ সৰু সৰু টুকুৰা ৰেলিঙৰ দৰে সাজি কাষত লগাই দলঙৰ মেৰামতিৰ দায়িত্ব সামৰিছে। যাক লৈ এতিয়া বিভিন্নজনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে গেমন দলংত ভয়ানক বিপদৰ হোৱা সম্ভাৱনা অধিক হৈ পৰিছে।

সদা ব্যস্ত দলংখনেদি দৈনিক হাজাৰ হাজাৰ সৰু, বৰ যান-বাহন অহা-যোৱা কৰে। পূৰ্বে কেইবাটাও দূৰ্ঘটনাও সংঘটিত হৈ গৈছে এই দলংখনত। কাষৰ ৰেলিংসমূহ মজবুত নোহোৱাত চালকৰ অলপ ইফাল সিফাল হ’লেই দলংখনত দুৰ্ঘটনা হোৱাটো প্ৰায় প্ৰকট হৈ পৰে। সংশ্লিষ্ট বিভাগে বিষয়টো গুৰুত্ব সহকাৰে নোলোৱাৰ বাবে অনাগত দিনত ভয়ঙ্কৰ দুৰ্ঘটনা হোৱাৰ আংশকাও ব্যক্ত কৰিছে সচেতন মহলে।

৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত যিহেতু চাৰিলেনযুক্ত পথৰ নিৰ্মাণৰ কাম চলি আছে। বুঢ়ীদিহিং নদীৰ ওপৰত নতুনকৈ দলং নিৰ্মাণৰ কামৰো প্ৰস্তুতি চলিছে। কিন্তু এই নতুন দলং নিৰ্মাণ হোৱালৈকে গেমন দলংখনেৰেই অহা-যোৱা কৰিব লাগিব যান-বাহন। উল্লেখ্য যে, অতি পুৰণি এই গেমন দলংখন মেৰামতি নকৰাত দ দ গাত সৃষ্টি হৈছে দলংখনত। ৰাজ্যৰ বিয়াগোম গড়কাপ্তানী বিভাগে এটা গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় পথৰ দলঙত বাঁহৰ ৰেলিং দিয়া বিষয়টোৱে উন্নয়নৰ প্ৰকৃত ছবিখন বাস্তৱিক কৰি তুলিছে।