সংগীত জগতত কাহানিও পূৰাব নোৱাৰা এক বৃহৎ শূন্যতাৰ সৃষ্টি কৰি ৫৩ বছৰ বয়সত বিদায় মাগিলে জনপ্ৰিয় কণ্ঠশিল্পী-সুৰকাৰ কে কেয়ে।
মঙ্গলবাৰে কলকাতাত এক সংগীতানুষ্ঠান পৰিবেশন কৰাৰ সময়তে হঠাৎ অসুস্থ হৈ পৰিছিল কণ্ঠশিল্পীগৰাকী।
কলকাতাৰ গুৰুদাস মহাবিদ্যালয়ৰ উদ্যোগত আয়োজিত নজৰুল মঞ্চত সংগীত পৰিবেশন কৰি নিশা তেওঁ হোটেলৰ কোঠালৈ উভতি যায়।
কিন্তু হোটেলত তেওঁ অসুস্থ হৈ পৰা নিশা প্ৰায় ১০.৩০ বজাত ততাতৈয়াকৈ কলকাতা মেডিকেল ৰিচাৰ্ছ ইনষ্টিটিউটলৈ লৈ যোৱা হয় যদিও চিকিৎসকে কণ্ঠশিল্পী গৰাকীক মৃত ঘোষণা কৰে।
উল্লেখ্য যে, সংগীত জগতত কে কে হিচাপে জনপ্ৰিয় হৈ পৰা কণ্ঠশিল্পী গৰাকীৰ সম্পূৰ্ণ নাম হৈছে কৃষ্ণকুমাৰ কুন্নাথ।
১৯৯৯ চনত প্ৰথমটো এলবামত কণ্ঠ নিগৰাই সংগীত যাত্ৰাৰ আৰম্ভণি কৰা কে কেয়ে পৰৱৰ্তী সময়ত বহু হিট গান উপহাৰ দি গৈছে। হিন্দীৰ লগতে অন্যান্য ভাষাতো গীত গাইছে এইগৰাকী জনপ্রিয় কণ্ঠশিল্পীয়ে। অসমীয়া গীততো কণ্ঠ দিছে কে কেয়ে।
কে কেৰ আকস্মিক মৃত্যৰ বাতৰিয়ে মৰ্মাহত কৰিছে তেওঁৰ অসংখ্য অনুৰাগীক। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়েও গায়ক-সুৰকাৰগৰাকীৰ বিয়োগত গভীৰ শোক ব্যক্ত কৰিছে।