কোৰোনাত আক্ৰান্ত অভিনেতা ৰণবীৰ কাপুৰ

60

পুনৰ ভয়াবহ হৈ পৰিছে কোৰোনা পৰিস্থিতি। কোৰোনাৰ সংক্ৰমণ কিছু শাম কটাযেন অনুভৱ হওতেই পুনৰ নতুন সংক্ৰমণে দেখা দিছে সমগ্ৰ বিশ্বত। শেহতীয়াকৈ এইবাৰ কোৰোনাত আক্ৰান্ত হৈছে বলীউডৰ অভিনেতা ৰণবীৰ কাপুৰ। ইনষ্টাগ্ৰামৰ জৰিয়তে মাতৃ নীতা কাপুৰে পুত্ৰৰ কোৰোনা সংক্ৰমণৰ বিষয়ে প্ৰকাশ কৰি কয় যে ৰণবীৰ বৰ্তমান নিজ গৃহতে চিকিৎসাধীন হৈ আছে। তেওঁৰ শীঘ্ৰে আৰোগ্য কামনা কৰিছে পৰিয়াল তথা গুনমুগ্ধ সকলে।