কোভিডৰ ভুৱা ভেকচিন শিৱিৰঃ পাউডাৰৰ লগত পানী মিহলাই কোভেক্সিনৰ নামত প্ৰদান কৰা হৈছিল সাংসদ মিমি চক্ৰৱৰ্তীক

96

পশ্চিমবংগৰ কচবাত কোভিডৰ ভুৱা টিকাকৰণ শিৱিৰক লৈ তীব্ৰ চাঞ্চল্যই বিৰাজ কৰি থকাৰ সময়তে আন এক ৰহস্যৰ বাট মুকলি হোৱাত উদ্বেগ বৃদ্ধি কৰিছে শিৱিৰটোত কোভিড ভেকচিন গ্ৰহণ কৰা লোকসকলৰ মাজত।

উল্লেখ্য যে, দক্ষিণ কলকতাৰ কসবাত নিজকে আইএএছ বিষয়া বুলি পৰিচয় এক কোভিড টিকাকৰণ শিৱিৰ স্থাপন কৰিছিল দেৱাঞ্জন দেৱ নামৰ এজন ব্যক্তিয়ে। এই শিৱিৰ চৰকাৰী বুলি প্ৰমাণ কৰিবলৈ গৈ কোভিডৰ টিকাকৰণৰ বাবে আমন্ত্ৰণ জনোৱা হৈছিল তৃণমূল কংগ্ৰেছৰ সাংসদ তথা অভিনেত্ৰী মিমি চক্ৰৱৰ্তীকো।

সাংসদ মিমিয়ে চক্ৰৱৰ্তীয়ে আমন্ত্ৰণ ৰক্ষা কৰি শিৱিৰত উপস্থিত হৈ প্ৰায় আঢ়ৈ শ লোকৰ লগতে নিজেও কোভিডৰ টিকা গ্ৰহণ কৰে। কিন্তু, টিকাকৰণৰ পিছত কোনো প্ৰমাণপত্ৰ লাভ নকৰাত সন্দেহবশতঃ আৰক্ষীক সমগ্ৰ বিষয়টো তদন্তৰ নিৰ্দেশ দিয়ে। যাৰ পিছতে পোহৰলৈ আহে ভুৱা কোভিড টিকাকৰণ শিৱিৰৰ কথা। আনহাতে এই শিৱিৰ স্থাপন কৰা দেৱাঞ্জন দেৱ নামৰ লোকজনো এজন ভুৱা আইএএছ বিষয়া বুলিও আৰক্ষীৰ তদন্তত পোহৰলৈ আহে।

এই সমগ্ৰ বিষয়ক লৈ দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈ থকাৰ মাজতে জানিব পৰা গৈছে যে সাংসদ মিমি চক্ৰৱৰ্তীৰ লগতে আন আন লোকসকলক যি কোভিড টিকাকৰণ কৰা হৈছিল, সেয়া আচলতে ভুৱা আছিল। সাধাৰণ পাউডাৰৰ লগতে পানী মিহলাই কোভেক্সিনৰ নামত সাধাৰণ জনতাক টিকাকৰণ কৰা হৈছিল বুুলি এতিয়া সন্দেহ কৰা হৈছে। যাৰ বাবে সেই টিকা গ্ৰহণ কৰা লোকসকলৰ স্বাস্থ্যৰ প্ৰতিও ভাবুকি বৃদ্ধি পাইছে।