কোভিড সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি অসম-অৰুণাচল সীমান্তত বিশেষ সতৰ্কতা

164

ক্ৰমাগতভাৱে বৃদ্ধি পোৱা কোভিড সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি গহপুৰৰ অসম-অৰুণাচল সীমান্তৰ ৰাজগড়ৰ সোলেংগী গেটত বিশেষ সতৰ্কতা অৱলম্বন কৰিছে অৰুণাচল প্ৰশাসনে। অসম তথা অন্য প্ৰান্তৰ পৰা অৰুণাচলত প্ৰৱেশ কৰা প্ৰতিজনৰে ট্ৰেভেল হিষ্ট্ৰী পৰীক্ষা কৰাৰ লগতে স্বাস্থ্য পৰীক্ষা কৰাৰ ব্যৱস্থা লৈছে অৰুণাচল প্ৰশাসনে।

সোলেঙ্গী গেটৰ অস্থায়ী স্বাস্থ্য শিবিৰৰত অৰুণাচললৈ প্ৰৱেশ কৰিব বিছৰা ব্যক্তিক ক’ভিড টেষ্ট বাধ্যতামূলক কৰা হৈছে ।স্বাস্থ্য বিভাগৰ পৰীক্ষাৰ পিছত ক’ভিড নিগেটিভ হলে প্ৰৱেশ কৰিব দিয়াৰ বিপৰীতে গাত ক’ভিড ধৰা পৰা ব্যক্তিক হোম আইশ্যলেছন কৰাৰ লগতে অৰুণাচলত প্ৰৱেশ কৰাত বাধা প্ৰদান কৰা হৈছে।