কেন্দ্ৰীয় চৰকাৰৰ কৃষি আইনৰ বিৰুদ্ধে পঞ্জাৱ বিধানসভাত প্ৰস্তাৱ গৃহীত

75

ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় চৰকাৰৰ কৃষি আইনৰ বিৰুদ্ধে দেশজুৰি কৃষক সমাজৰ প্ৰতিবাদ অব্যাহত থকাৰ মাজতে মঙলবাৰে এই আইনৰ বিৰুদ্ধে প্ৰস্তাৱ গৃহীত কৰা হ’ল পঞ্জাৱ বিধানসভাত। মুখ্যমন্ত্ৰী কেপ্টেইন অমৰেন্দ্ৰ সিঙে মঙলবাৰে বিধানসভাত কৃষি আইনৰ বিৰুদ্ধে প্ৰস্তাৱ দাখিল কৰাৰ পিছত সৰ্বসন্মতিক্ৰমে এই প্ৰস্তাৱ গৃহীত। তাৰ পিছতে মুখ্যমন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় এই সম্পৰ্কত ৰাজ্যপাল বি পি সিং বদনোৰক সাক্ষাৎ কৰে।

মুখ্যমন্ত্ৰী অমৰেন্দ্ৰ সিঙে কয়, ‘বিধানসভাত কৃষি আইনৰ বিৰুদ্ধে প্ৰস্তাৱ গৃহীত হোৱাৰ পিছত আমি এই প্ৰস্তাৱৰ প্ৰতিলিপি ৰাজ্যপালক অৰ্পণ কৰো। প্ৰথমে এই প্ৰস্তাৱ ৰাজ্যপালে লাভ কৰাৰ পিছত ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰা হ’ব। যদি এইদৰে কৃষি আইন বাতিল নহয়, তেন্তে আমাৰ ওচৰত আইনী পদ্ধতিও আছে। মই আশা কৰিছো যে ৰাজ্যপালে এই প্ৰস্তাৱ গৃহীত কৰিব।’

উল্লেখ্য যে, কৃষি আইনৰ বিৰুদ্ধে অধিক প্ৰতিবাদ সাব্যস্ত হৈছে পঞ্জাৱত। পঞ্জাৱৰ বিভিন্ন প্ৰান্তত এই আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে ৰে’ল অৱৰোধ কাৰ্যসূচীও ৰূপায়ণ কৰি আহিছে।