অহা বৰ্ষত অনুষ্ঠিত হবলগীয়া পঞ্জাৱ বিধানসভা নিৰ্বাচনক লৈ আম আদমী পাৰ্টীয়ে ৰণনীতি আৰম্ভ কৰিছে। দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টীৰ নেতা অৰবিন্দ কেজৰিৱালৰ মঙলবাৰৰ চণ্ডীগড় ভ্ৰমণৰ পূৰ্বে সোমবাৰে কৰা এক টুইটত স্পষ্ট হৈ পৰিছে আম আদমী পাৰ্টীৰ পঞ্জাৱ নিৰ্বাচনৰ ৰণনীতি।
সোমবাৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে টুইট কৰি কয় যে পঞ্জাৱত আপৰ চৰকাৰ গঠন হ’লে ২০০ ইউনিট বিনামূলীয়া বিজুলী যোগান কৰা হব। আনহাতে মূল্যবৃদ্ধিৰ বাবে পঞ্জাৱৰ মহিলাসকল যথেষ্ট অসন্তুষ্ট বুলিও টুইটত কয় কেজৰিৱালে।
তেওঁ লিখিছে, ‘দিল্লীত আপ চৰকাৰে প্ৰতিঘৰ লোকক ২০০ ইউনিট বিনামূলীয়া বিদ্যুৎ যোগান ধৰি আহিছে। যাৰ বাবে আজি দিল্লীৰ মহিলাসকল যথেষ্ট সুখী। কিন্তু পঞ্জাৱৰ মহিলাসকল মুল্যবৃদ্ধিক লৈ অসন্তুষ্ট। সেয়ে আমাৰ চৰকাৰ আহিলে আমি প্ৰতিটো পৰিয়ালক ২০০ ইউনিট বিজুলী বিনামূলীয়াকৈ যোগান ধৰিম।
আনফালে মঙলবাৰে চণ্ডীগড়ত অৰবিন্দ কেজৰিৱালে এক ‘ডাঙৰ ঘোষণা’ কৰিব বুলি মন্তব্য কৰিছে আপৰ প্ৰৱক্তা তথা বিধায়ক ৰাঘৱ চড্ডাই।