ষ্টাফৰিপোৰ্টাৰ, ২০ এপ্ৰিল : আজি অসম চৰকাৰৰ কৃষি মন্ত্ৰী অতুল বৰাই দৰংগিৰিৰ কল খেতি পৰিদৰ্শন কৰে। বিখ্যাত কল খেতিয়ক দেৱব্ৰত ৰাভাৰ সৈতে আলোচনা কৰি পামহি বজাৰত তেওঁলোকক কল বিক্রীৰবাবে এদোখৰ ঠাই দিব বুলি কয় লগতে উৎপাদিত কল বর্হিৰাজ্যলৈ পঠিয়াবৰ বাবে ক্ষীপ্ৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈও বিভাগীয় বিষয়াক নিৰ্দেশ দিয়ে। ইয়াৰ পিছত গোৱালপাৰা উপায়ুক্তৰ কাৰ্যালয় সভাকক্ষত উপস্থিত হৈ জিলা প্ৰশাসন আৰু বিভাগীয় বিষয়াসকলৰ সৈতে সামগ্ৰিক পৰিস্থিতিৰ বিষয়ে বিতং আলোচনা কৰে । গাখীৰৰ লগতে মাংস আৰু পাচলি যাতে ৰাইজে পোৱাত অসুবিধা নহয় প্ৰশাসনক তাৰ ব্যৱস্থা কৰিবলৈ দিয়ে। কৃষি সা সঁজুলি, সাৰ, পশু দৰৱ , পশু খাদ্য আদিৰ যাতে অভাৱ নহয় তাৰ বাবে সম্পূৰ্ণ নজৰ ৰাখিব দিয়ে। পশু চিকিৎসক সকলক চিকিৎসালয়ত উপস্থিত থাকি জীৱ জন্তুৰ চিকিৎসা সেৱা আগবঢ়াই যাবৰ বাবে নিৰ্দেশ দিয়ে। একেদৰে বৰপেটা আৰু নলবাৰী জিলাৰ উপায়ুক্ত কাৰ্যালয়ত জিলা প্ৰশাসন আৰু বিভাগীয় বিষয়াসকলৰ সৈতে আলোচনাত মিলিত হয় আৰু জিলাখনৰ পৰিস্থিতিৰ বুজ লয়|ইয়াৰ উপৰিও সম্ভাব্য বানপানীৰ সময়ত যাতে খেতিয়ক, হাঁহ কুকুৰা পালক আৰু পশু পালক সকলে কোনো অসুবিধা নাপায় তাৰ বাবে আগতীয়া ব্যৱস্থা লোৱাৰো নিৰ্দেশ দিয়ে।লগতে কিছু সংখ্যক প্ৰগতিশীল খেতিয়কৰ লগত মত বিনিময় কৰি চৰকাৰৰ ফালৰ পৰা সকলো সা সুবিধাৰ প্ৰতিশ্ৰুতি দিয়ে আৰু তেওঁলোকৰ উৎপাদিত সামগ্ৰীৰ বিক্রীৰ সু ব্যৱস্থাৰ আশ্বাস দিয়ে।
Latest article
প্ৰচণ্ড বৰষুণৰ মাজতো গুৱাহাটীবাসীক আপ্লুত কৰিলে জে কে টায়াৰে আয়োজন কৰা ইণ্ডিয়ান ৰেচিং ফেষ্টিভেলে
হঠাতে হোৱা ধুমুহা-বৰষুণক নেওচি জে কে টায়াৰে আইআইটি গুৱাহাটী চৌহদত আয়োজন কৰা ইণ্ডিয়ান ৰেচিং ফেষ্টিভেলে মটৰস্পৰ্টৰ আকৰ্ষণীয় ৰূপ আৰু যুৱ শক্তিৰ এক ৰোমাঞ্চকৰ মিশ্ৰণেৰে...
বিচিচিআইৰ কেন্দ্ৰীয় চুক্তিত ৰোহিত-কোহলী শীৰ্ষ শ্ৰেণীত স্থান
ভাৰতৰ টেষ্ট আৰু এদিনীয়া দলৰ অধিনায়ক ৰোহিত শৰ্মা আৰু তাৰকা বেটছমেন বিৰাট কোহলীক সোমবাৰে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডে (বিচিচিআই) প্ৰকাশ কৰা চুক্তিবদ্ধ খেলুৱৈৰ তালিকাৰ...
২২ এপ্ৰিলত লক্ষ্ণৌ চুপাৰ জায়াণ্টছৰে মুখামুখি দিল্লী কেপিটেলছৰ
দিল্লী কেপিটেলছে মঙলবাৰে ইয়াত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত (আই পি এল) লক্ষ্ণৌ চুপাৰ জায়াণ্টছৰ সৈতে মুখামুখি হ'ব। এই খেলখনত দিল্লীয়ে আশা কৰিব যে তেওঁলোকৰ প্ৰাৰম্ভিক...