কৃষি আইনৰ বিৰোধিতাৰে ৰাহুল গান্ধীয়ে চলোৱা ট্ৰেক্টৰ জব্দ দিল্লী আৰক্ষীৰ

96

ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় চৰকাৰে কৃষকৰ ওপৰত জাপি দিয়া কৃষি আইনৰ বিৰোধিতাৰে সোমবাৰে ট্ৰেক্টৰ চলাই সংসদত উপস্থিত হয় কংগ্ৰেছ নেতা ৰাহুল গান্ধী। কৃষি আইনৰ বিৰু্দ্ধে কৃষকে অব্যাহত ৰখা আন্দোলনৰ প্ৰতি সমৰ্থন জনাই কংগ্ৰেছ নেতাগৰাকীয়ে এনেদৰে ট্ৰেক্টৰ চলাই সংসদ ভৱনত উপস্থিত হোৱাৰ পিছতে দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়।

ইফালে ৰাহুল গান্ধীয়ে যিখন ট্ৰেক্টৰ চলাই আহিছিল, সেই ট্ৰেক্টৰখন জব্দ কৰিছে দিল্লী আৰক্ষীয়ে। দিল্লী আৰক্ষীয়ে সদৰী কৰা মতে, বৰ্ষাকালীন অধিৱেশনৰ পৰিপ্ৰেক্ষিতত সুৰক্ষাৰ স্বাৰ্থত ১৪৪ ধাৰা জাৰি হৈ আছিল। কিন্তু ৰাহুল গান্ধীয়ে কোনো আগতীয়া জাননী নিদিয়াকে ১৪৪ ধাৰা উলংঘন কৰাৰ পৰিপ্ৰেক্ষিতত আৰু এখন নম্বৰপ্লেট বিহীন ট্ৰেক্টৰ চলাই অহাৰ অভিযোগত ট্ৰেক্টৰখন জব্দ কৰা হৈছে।

আনহাতে ৰাহুল গান্ধীৰ সৈতে একেলগে ট্ৰেক্টৰত উঠি সংসদ ভৱনলৈ অহা কংগ্ৰেছ নেতা ৰণদ্বীপ সুৰজেৱালা আৰু শ্ৰীনিৱাশ বি বিকো জিম্মাত লৈ তদন্ত অব্যাহত ৰাখিছে দিল্লী আৰক্ষীয়ে। উল্লেখ্য যে, কৃষি আইনৰ বিৰোধিতাৰে সংসদ ভৱনৰ ভিতৰে বাহিৰে তীব্ৰ প্ৰতিবাদ অব্যাহত ৰাখিছে কংগ্ৰেছসহ বিৰোধী দলসমূহে।