কৃষকৰ বাবে চিনগেন্টা ইণ্ডিয়াই মুকলি কৰিলে “কৃষক হেল্পলাইন

91

ষ্টাফৰিপৰ্টাৰ ১৬ এপ্ৰিল: কোভিড-১৯ মহামাৰীৰ লকডাউনৰ বাবে কৃষকসকলৰ সমস্যাসমূহৰ সমাধান হিচাপে চিনগেণ্টা ইণ্ডিয়াই চিনগেণ্টা কৃষক হেল্পলাইন নামেৰে এক দেশজোৰা টেলি-মন্ত্ৰণাৰ পদক্ষেপ গ্ৰহণ কৰিছে। কৃষক সকলে চিনগেণ্টা কৃষক হেল্পলাইন নম্বৰ ১৮০০-১-২১৫-৩১৫ লৈ লেণ্ডলাইন আৰু মোবাইল দুটা ফোনৰ পৰা এক শুল্ক বিহীন কল কৰিব পাৰিব। চিনগেণ্টাৰ বিশেষজ্ঞ দলে প্ৰশ্নৰ মুখামুখি হ’ব আৰু যদি কৃষি বিষয়ক কোনো জৰুৰী সমস্যাৰ বাবে সহায়ৰ প্ৰয়োজন হয় সহযোগ আগবঢ়াব। কলসমূহ গ্ৰহণ কৰিবৰ বাবে ন’টা বিভিন্ন ভাষাত মুঠতে ষোল্ল টা চেনেল সৃষ্টি কৰা হৈছে। ৰাজস্থান, উত্তৰ প্ৰদেশ, বিহাৰ, হাৰিয়ানা, জম্মু- কাশ্মীৰ, হিমাচল প্ৰদেশ, মধ্য প্ৰদেশ, ছট্টিশগড়, আৰু উত্তৰ পূৰ্বীয় ৰাজ্য সমূহৰ বাবে হিন্দী, অৱশিষ্ট চেনেল সমূহ পাঞ্জাৱ, মহাৰাষ্ট্ৰ, গুজৰাট, অন্ধ্ৰপ্ৰদেশ, আৰু তেলেংগনা উৰিষ্যা আৰু পশ্চিম বংগ ৰাজ্য সমূহৰ বাবে আঞ্চলিক ভাষাত যথাক্ৰমে মৰাঠী, কানাড়া আদি ভাষাত কৃষক সকলে সমস্যা সমূহৰ মোকাবিলা কৰিব।এই সন্দৰ্ভত চিনগেন্টা ইণ্ডিয়াৰ পৰিচালন সঞ্চালক ৰাফেল ডেল ৰীঅ’য়ে কয়”এই সময় খিনিত আমি কৃষক সকলক তেওঁলোকৰ সহায় হোৱাকৈ কিছু সুবিধা আগবঢ়াবলৈ চেষ্টা কৰিছোঁ।লকডাউনৰ সময়ছোৱাত আৰু তাৰ পাছতো উৎসৰ্গিকৃত লাইসমূহে বিভিন্ন সমস্যা সমাধান কৰাৰ লগতে জৰুৰী তথ্য আগবঢ়োৱাত সহায় কৰিব” আনহাতে এই সন্দৰ্ভত চিনগেন্টা ইণ্ডিয়া লিমিটেডৰ মুখ্য বহনকাৰী বিষয়া ড০ কেচি ৰবিয়ে কয়- এই ৰাষ্ট্ৰীয় হেল্পলাইনৰ জৰিয়তে কৃষকসকলে কৃষি সম্বন্ধীয় বহুতো সমস্যা যেন, পোক-পতংগ, ফচলৰ ৰোগ,বতৰ পৰিবৰ্তন আদিৰ কিছু সমাধান লাভ কৰিবলৈ সক্ষম হ’ব।