কি আছে বাজেটত….

197

গুৱাহাটীঃ ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰৰ প্ৰথমখন বাজেট অধিৱেশনত আজি বাজেট দাখিল কৰে বিত্তমন্ত্ৰী অজন্তা নেওগে। বাজেটখনৰ জৰিয়তে অসমৰ উন্নয়নৰ দিশক অগ্ৰাধিকাৰ দিয়া হৈছে যদিও মূল্যবৃদ্ধিৰ দৰে গুৰুত্বপূৰ্ণ বিষয় নিয়ন্ত্ৰণৰ ক্ষেত্ৰত বিত্তমন্ত্ৰীয়ে বাজেট অধিৱেশনত কোনো কথা উল্লেখ নকৰিলে।

জোতি সংগীতেৰে বাজেট ভাষণৰ আৰম্ভণি কৰি অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰা অসম গৌৰৱ লাভলীনা বৰগোঁহাঞিলৈ শুভেচ্ছা জ্ঞাপন কৰে বিত্তমন্ত্ৰীয়ে। দেশৰ কোভিড পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহক ধন্যাবদ জনাই অজন্তা নেওগে কোভিডৰ বাবে ধনৰ অভাৱ হব নিদিয়ে বুলি মন্তব্য কৰে।

ইফালে ছাত্ৰ-ছাত্ৰীৰ অনলাইন শিক্ষা গ্ৰহণৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰী স্কুলৰ নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক স্মাৰ্টফোন বিতৰণৰ কথা জনায় বিত্তমন্ত্ৰীয়ে। এই আঁচনিৰ জৰিয়তে ৰাজ্যৰ ৮ লাখ ছাত্ৰ-ছাত্ৰীক স্মাৰ্টফোন বিতৰণ কৰা হব বুলি তেওঁ কয়।

চাহ শ্ৰমিক সকলৰ সন্দৰ্ভত বাজেট ভাষণত বিত্তমন্ত্ৰীয়ে কয়, ৰাজ্যৰ ঘৰুৱা উৎপাদনৰ বাৰ্ষিক গড় বৃদ্ধিৰ হাৰ হৈছে ১১.২১শতাংশ। যোৱা ৪বছৰত সঠিকভাৱে ৰাজহুৱা ব্যয় সম্ভৱ হৈছে। সুশাসনৰ আৰ্হি ৪টা স্তম্ভত চিনাক্ত কৰা হৈছে। প্ৰশাসনক ৰাইজৰ ওচৰ চপাবলৈ চৰকাৰে চেষ্টা কৰিছে। খাদ্য সুৰক্ষা আইনৰ অধীনত ANNA আচনিৰ অধীনত বাৰ্ষিক ৪৭৯কোটি টকা ব্যয় কৰা হৈছে। এই আঁচনিয়ে চাহ বাগান এলেকাৰ ৬.৪৬লাখ পৰিয়ালকে ধৰি মুঠ ৫৮.৯৩লাখ পৰিয়ালক সামৰি লৈছে। চাহ জনগোষ্ঠীৰ উচ্চশিক্ষাৰ অৰ্থে ১০২খন হাইস্কুল স্থাপনৰ বাবে স্থান নিৰ্ণয় কৰা হৈছে। ৮০০খন চাহ বাগিছা লেবাৰ লাইনত পথ ১কোটি টকাকৈ ব্যয়েৰে নিৰ্মাণ কৰা হৈছে। চাহ শ্ৰমিকে অৱসৰ ভাট্টা ৫০হাজাৰকৈ লাভ কৰিব বুলিও মন্তব্য কৰে অজন্তা নেওগে।

আনহাতে বাজেট ভাষণত ৰাজ্যত ৫ খন চিকিৎসা মহাবিদ্যালয় নতুনকৈ স্থাপন কৰাৰ কথা জনায় বিত্তমন্ত্ৰীয়ে। প্ৰতিখন চিকিৎসা মহাবিদ্যালয় স্থাপনৰ নামত ১৬ কোটি টকা আৱণ্টন কৰা হব বুলি তেওঁ কয়। গোলাঘাট, ধেমাজি, মৰিগাঁও, বঙাইগাঁও আৰু তামুলপুৰত নতুন চিকিৎসা মহাবিদ্যালয় কেইখন স্থাপন কৰা হব।

বাজেট অধিৱেশনত মাইক্ৰ’ ফাইনেন্সৰ ঋণ গ্ৰহণ কৰা মহিলাসকলক সকাহ দিলে বিত্তমন্ত্ৰীয়ে। ঋণ লোৱা মহিলাসকলক তিনিটা ভাগত বিভক্ত কৰি পৰ্যায়ক্ৰমে চৰকাৰে ঋণ ৰেহাই প্ৰদান কৰিব বুলি বিত্তমন্ত্ৰীগৰাকীয়ে জনায়। আনহাতে অৰুণোদয় আঁচনিৰ দ্বাৰা লাভ কৰা ধন ৮৩০ টকাৰ পৰা ১০০০ টকালৈ বৃদ্ধি কৰাৰ কথা জনায় বিত্তমন্ত্ৰীয়ে। ইয়াৰোপৰি অংগনৱাডী কেন্দ্ৰ আৰু প্ৰাথমিক বিদ্যালয়ত বৈদ্যুতিকৰণৰ ব্যৱস্থা কৰাৰ ঘোষণা কৰে।