কাঝিকোডৰ বিমান দুৰ্ঘটনাত পাইলটসহ ১৮ জনৰ মৃত্যু! গৰ্ভৱতী মহিলাসহ ২৫ জন সংকটজনক অৱস্থাত…

130

ডিজিটেল ডেস্ক:- কোৰোনা সন্ত্ৰাসৰ মাজতে শুকুৰবাৰে সন্ধিয়া কেৰালাৰ কাঝিকোডত সংঘটিত এক বিমান দুৰ্ঘটনাত ১৮ জন লোকৰ মৃত্যু হোৱাৰ লগতে ডেৰ শতাধিক বিমানযাত্ৰী আহত হয়। আহতসকলৰ ভিতৰত এগৰাকী গৰ্ভৱতী মহিলাসহ ২৫ জনৰ অৱস্থা অতি সংকতজনক বুলি জানিব পৰা গৈছে। আহত সকলক কাঝিকোডৰ বেলেগ বেলেগ হাস্পতালত ভৰ্তি কৰি চিকিৎসা চলাই থকা হৈছে।

জানিব পৰা মতে শুকুৰবাৰে সন্ধিয়া ডুবাই-কাঝিকোড এয়াৰ ইণ্ডিয়াৰ বিমানখন ৰানৱেত অৱতৰণ কৰাৰ সময়ত পিছলি ৩৬ ফুট তলত বাগৰি পৰে। যাৰ ফলত বিমানখন ধ্বংসস্তুপত পৰিণত হয়। এয়াৰ ইন্ডিয়াই সদৰী কৰা মতে, বিমানখনৰ ভিতৰত পাইলট, ক্ৰিউ মেম্বাৰসহ মুঠ ১৯১ জন যাত্ৰী আছিল। দুৰ্ঘটনাত বিমানখনৰ দুগৰাকী পাইলটো নিহত হয়।

এই দুৰ্ঘটনাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে গভীৰ শোক ব্যক্ত কৰি নিশাই কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰায় বিজয়নৰ সৈতে ফোনযোগে বাৰ্তালাপ কৰি পৰিস্থিতিৰ বুজ লয়। এয়াৰ ইণ্ডিয়াই এই ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে।