কাইলৈৰ পৰা অনুষ্ঠিত হব ৰাজ্য চৰকাৰৰ বাজেট অধিৱেশন

88

সোমবাৰৰ পৰা অনুষ্ঠিত হব অসম বিধানসভাৰ বাজেট অধিৱেশন। ১১টা কৰ্মদিনেৰে অনুষ্ঠিত হবলগীয়া বাজেট অধিৱেশনৰ অন্ত পৰিব ১ এপ্ৰিলত।

উল্লেখ্য যে, অহা ১৬ মাৰ্চত বিত্তমন্ত্ৰী অজন্তা নেওগে সদনত দাখিল কৰিব ২০২২-২৩ বৰ্ষৰ ৰাজ্যিক বাজেট।

বাজেট অধিৱেশনৰ সময়ত মুঠ ছয়খন বিধেয়ক উত্থাপন কৰাৰ সম্ভাৱনা আছে। অসম বিধান সভাৰ প্ৰধান সচিব হেমেন দাসে কয় যে ২০২২-২৩ বৰ্ষৰ ৰাজ্যিক বাজেট ১৬ মাৰ্চত বিধানসভাত ৰখা হ’ব।

উল্লেখ্য যে, হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ অধীনত দ্বিতীয় বাজেট অধিৱেশন হ’ব। যোৱা বছৰ, অধিৱেশন জুলাইত অনুষ্ঠিত হৈছিল।