কাইলৈ অসম পাবহি লাভলীনা, চৌদিশে উখল-মাখল পৰিবেশ

213

গুৱাহাটী- টকিঅ’অলিম্পিকত পদক অৰ্জনেৰে অসম তথা ভাৰতৰ নাম বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰা অসমকণ্যা লাভলীনা বৰগোঁহাই ১১ আগষ্টত উপস্থিত হব গুৱাহাটীত। পদক জয়ৰ পিছত আজি স্বদেশত উপস্থিত হৈছে লাভলীনা।

উল্লেখ্য যে, ১১ আগষ্ট, মঙ্গলবাৰে গুৱাহাটীত উপস্থিত হোৱাৰ পিছত ১২ আগষ্ট, বুধবাৰে বৰপথাৰৰ স্বগৃহলৈ যাব লাভলীনা। লাভলীনাৰ অসম আগমনক ইতিমধ্যে উখল মাখল পৰিবেশ সৃষ্টি হৈছে অসমত। ৰাজ্য চৰকাৰে ক্রীড়াবিদগৰাকীক আদৰিবলৈ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত বিশেষ অনুষ্ঠানৰ আয়োজন কৰিছে৷

ইফালে লাভলীনাৰ গৃহভূমি বৰপথাৰতো এতিয়া উলাহৰ অন্ত নাই। লাভলীনাৰ বৰপথাৰৰ বাৰমুখীয়া গাঁৱৰ ঘৰখনত এতিয়া উখল-মাখল পৰিৱেশ। সকলোৱে লাভলীনাক আদৰিবলৈ উলাহেৰে অপেক্ষা কৰিছে।