কভি’ড-১৯ ৰ সময়ছোৱাত বয়নশিল্প

110

ভাৰতৰ বয়নশিল্পী সকলৰ জীৱিকা ৰক্ষাৰ স্বাৰ্থত দান-বৰঙণিৰ বিপৰীতে তেওঁলোকৰ দ্বাৰা উৎপাদিত সামগ্ৰী ক্ৰয় কৰক –অন্তৰণ

নতুন দিল্লী, ২৭ এপ্ৰিল : দান বৰঙণিৰ আহ্বান জনোৱাৰ বিপৰীতে বয়নশিল্পী সকলৰ পৰা প্ৰত্যক্ষভাৱে www.antaranrtisanconnect.in ৰ তৰফৰ পৰা তেওঁলোকৰ দ্বাৰা উৎপাদিত হস্ততাঁত সামগ্ৰী ক্ৰয় কৰিবলৈ সকলোকে আহ্বান জনাইছে আগশাৰীৰ প্ৰতিষ্ঠান টাটা ট্ৰাষ্টৰ এক বিশেষ গোট অন্তৰণে। এই মন্দাৱস্থাৰ ফলত সৃষ্টি হোৱা সমস্যাসমূহ প্ৰশমিত কৰাৰ উদ্দেশ্যে সুন্দৰ হস্ততাঁত সামগ্ৰীসমুহ এই পৰ্টেলৰ জৰিয়তে ক্ৰয় কৰি প্ৰত্যক্ষভাৱে ইয়াৰ জৰিয়তে মাচুল আদায় দিব পাৰিব। এই সম্পৰ্কে টাটা ট্ৰাষ্টৰ শিল্প বিভাগৰ মূৰব্বী সাৰদা গৌতমে কয় ” ইয়াৰ জৰিয়তে দেশৰ এনে কঠিন পৰিস্থিতিত বয়নশিল্পৰ সৈতে জড়িত শিল্পীসকলৰ জীৱন নিৰ্ধাৰণৰ মান উন্নত কৰিব পৰা যাব।পৰিস্থিতি স্বাভাৱিক হোৱাৰ পিছতে অৰ্ডাৰকৃত সমগ্ৰীসমমূহ যোগান ধৰা হ’ব। আমাৰ বয়নশিল্পী সকল যথেষ্ট উদ্যমী আৰু দেশৰ এনে কঠোৰ পৰিস্থিতিত আমি তেওঁলোকৰ সৈতে থিয় দিয়াতো অতি প্ৰয়োজনীয় হৈ পৰিছে।”