কভিড-১৯ : মণিপাল চিগনা’ “আৰোগ্য সঞ্জীৱনী পলিছি”

99

মুম্বাই : মণিপাল চিগনা’ জীৱন বীমা কোম্পানীয়ে নতুন পলিছি
“আৰোগ্য সঞ্জীৱনী পলিছি , মণিপাল চিগনা'” মুকলি কৰে। ইয়াৰ জৰিয়তে কভিড’-১৯ সময় চোৱাত উপভোক্তাৰ বাবে ১ লাখ টকাৰ পৰা ৫ লাখ টকা পৰ্যন্ত স্বাস্থ্য বীমা কৰাৰ সুযোগ লাভ কৰিব। ইয়াৰ জৰিয়তে বিভিন্ন ৰোগ, দুৰ্ঘটনা, ক’ভিড -১৯ ৰোগ আদিৰ চিকিৎসা কৰাৰ সুবিধা লাভ কৰিব। এই পলিছিৰ জৰিয়তে প্ৰি ট্ৰিটমেণ্ট আৰু পোষ্ট ট্ৰিটমেন্টৰ সুবিধা লাভ কৰিব পৰা যাব। এই সম্পৰ্কে মণিপাল চিগনা’ জীৱন বীমা কোম্পানী লিমিটেডৰ পৰিচালন সঞ্চালক তথা মুখ্য কাৰ্যবাহী বিষয়া প্ৰসুন শিকদাৰে কয় ” দেশৰ এই দুৰ্যোগৰ সময়ত বিশেষকৈ কভিড-১৯ ৰ দৰে মহামাৰীৰ সময়ত মানুহৰ জীৱন বীমা কৰা অতি প্ৰয়োজনীয় হৈ পৰিছে। কোনোলোক যাতে চিকিৎসাৰ পৰা বঞ্চিত হ’ব লগীয়া নহয় তাৰ বাবে আমি এই পলিছিৰ ব্যৱস্থা কৰিছোঁ। ইয়াৰ দ্বাৰা সকলো উপকৃত হ’ব বুলি আমি আশাবাদী। আয়ুস চিকিৎসাৰ অধীনত এই পলিছিৰ জৰিয়তে পোষ্ট ট্ৰিটমেণ্ট আৰু প্ৰি ট্ৰিটমেণ্টৰ সুবিধা কৰি দিছোঁ।”