কঠিন সময়ত কঠোৰ পৰিশ্ৰমৰ উপহাৰঃ কৰ্মচাৰীক ১.১২ লাখ টকাকৈ বোনাচ ঘোষণা Microsoftৰ

100

আন্তঃৰাষ্ট্ৰীয় খবৰঃ সমগ্ৰ বিশ্বত কোৰোনা মহামৰীয়ে সৃষ্টি কৰাৰ ফলত লক্ষ লক্ষ মানুহৰ জীৱনলৈ তীব্ৰ আৰ্থিক সংকট নামি আহিছে। লক্ষাধিক লোকে হেৰুৱাই পেলাইছে কৰ্ম সংস্থাপন। কিন্তু মহামাৰীয়ে সৃষ্টি কৰা এনে এক ভয়াবহ পৰিস্থিতিৰ মাজতে নিজৰ কৰ্মচাৰীসকললৈ এক সুখৰ খবৰ বিলাইছে মাইক্ৰ’ছফ্ট কৰ্মচাৰীয়ে।

বিশ্বব্যাপী ত্ৰাসৰ সৃষ্টি কৰা কোভিড মহামাৰীৰ সময়তো দিন-ৰাতি একাকাৰ কৰি কাম কৰা মাইক্ৰ’ছফ্টৰ সকলো কৰ্মচাৰীক ১৫শ মাৰ্কিন ডলাৰ অৰ্থাৎ ভাৰতীয় মূল্যত প্ৰায় ১.১২ লাখ টকা বোনাছ হিচাপে আগবঢ়োৱাৰ ঘোষণা কৰিছে কোম্পানীটোৱে।

চলিত সপ্তাহত এই বোনাছ প্ৰদানৰ কথা ঘোষণা কৰি কোম্পানীটোৰ চীফ পিপল অফিচাৰ কেথেলিন হোগানে কয় যে মাইক্ৰ’ছফ্টৰ সকলো যোগ্য কৰ্মচাৰী এই বোনাচৰ আওতাত পৰিব। আনহাতে বিশ্বব্যাপী থকা কোম্পানীটোৰ অস্থায়ী কৰ্মচাৰীসকলেও এই বোনাচ লাভ কৰিব বুলিও জনায় কেথেলিন হোগানে।

কোম্পানীটোৰ কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে, সমগ্ৰ বিশ্বত ১.৭৫ লাখ কৰ্মচাৰী মাইক্ৰ’ছফ্টৰ সৈতে জড়িত হৈ আছে। এই সকলো কৰ্মচাৰীক ১৫০০ মাৰ্কিন ডলাৰকৈ বোনাচ প্ৰদান কৰিবলৈ হ’লে কোম্পানীটোৰ মুঠ ব্যয় হব ২০০ মিলিয়ন মাৰ্কিন ডলাৰ।