এম্বুলেন্সৰ জৰিয়তে ড্ৰাগছৰ সৰবৰাহ! নগাঁৱত আটক মহিলাসহ ৩ জন

93

ড্ৰাগছ, গাঞ্জা আদি নিচাজাতীয় সামগ্ৰীৰ বিক্ৰী, সৰবৰাহৰ বিৰুদ্ধে যিমানেই আৰক্ষী কঠোৰ হৈছে সিমানেই ন ন কৌশলেৰে সৰবৰাহ অব্যাহত ৰখাৰ চেষ্টা চলাইছে একাংশই।

এম্বুলেন্সৰ জৰিয়তে ড্ৰাগছ সৰবৰাহ কৰা তিনি সৰবৰাহকাৰীক দেওবাৰে আটক কৰিবলৈ সক্ষম হয় নগাঁও আৰক্ষীয়ে।

আৰক্ষীয়ে অভিযান চলাই ইটাচালি আৰক্ষী চকীৰ অন্তৰ্গত ম’হখুলিত এ এছ ১২ এ চি ৪৮৬২ নম্বৰৰ এখন এম্বুলেন্সসহ তিনিজন সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়।

আৰক্ষীয়ে এম্বুলেন্সৰ চালক ৰফিকুল ইছলামৰ লগতে চহিদুল হক আৰু মামনি বেগম নামৰ এগৰাকী মহিলা ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে।