এতিয়াও বিপদমুক্ত নহয় ভয়াবহ বানৰ কৱলত পৰা হায়দৰাবাদ, ৫১ জনৰ মৃত্যু

72

ডিজিটেল ডেস্কঃ নেৰানেপেৰা বৰষুণৰ ফলত ভয়াবহ বানৰ কৱলত পৰা তেলেংগানাৰ হায়দৰাবাদ এলেকা এতিয়াও বিপদ মুক্ত হোৱা নাই৷ বিগত দিনকেইটাৰ দৰে যোৱা ২৪ ঘণ্টাও পানীত ডুবি আছে কেইবা লাখ লোক৷ আহিনমহীয়া বানে ৰাইজৰ বিস্তৰ ক্ষতিসাধন কৰিছে৷ ঘৰ-বৰৰ ক্ষতি কৰাৰ লগতে গাড়ী-মটৰ উটুৱাই নিয়ে৷

ৰাজপথত ওলাব পৰা পৰিবেশ নথকাৰ লগতে ঘৰৰ ভিতৰত বৰ্তমানেও এবুকু পৰ্যন্ত পানী আছে৷ হায়দৰাবাত চহৰ আৰু নিকটৱৰ্তী এলেকাত মানুহে থকা ঠাই নোপোৱাৰ লগতে খোৱা-পানী, বস্ত্ৰৰ বাবে হাহাকাৰ কৰিছে৷ এই পৰ্যন্ত বানত কমেও ৫১ জন লোকৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে৷ মৃতকক তেলেংগানা চৰকাৰে ৫ লাখকৈ টকা দিয়াৰ ঘোষণা কৰিছে৷