এটা CSP কেন্দ্ৰ বন্ধ কৰাক লৈ বিশ্বনাথত শ শ মহিলাৰ প্ৰতিবাদ
বেংকৰ সন্মূখত হাতে হাতে পাছবুক লৈ প্ৰতিবাদ গ্ৰাহকৰ।
বিশ্বনাথত এটা গ্ৰাহক সেৱা কেন্দ্ৰ বন্ধ কৰি দিয়াক লৈ
উত্তপ্ত পৰিস্থিতি ৷উল্লেখযোগ্য যে বিশ্বনাথৰ স্টেট বেংক অফ ইণ্ডিয়া বিশ্বনাথ ঘাট শাখাৰ অধীনত ন’নকে জাপৰীগুৰীত ধন মিঞা নামৰ যুৱক জনে এটা গ্ৰাহক সেৱা কেন্দ্ৰ চলাই আছিল।কিন্তু দুমাহ মান পূৰ্বে ধন মিঞাৰ এই গ্ৰাহক সেৱা কেন্দ্ৰটোত বিত্তীয় খেলি-মেলি হোৱাৰ অভিযোগৰ ভিত্তিত এই গ্ৰাহক সেৱা কেন্দ্ৰটো বন্ধ কৰি দিয়ে ষ্টেট বেংক অফ ইণ্ডিয়াই।যাৰ ফলত উক্ত অঞ্চলৰ ৰাইজে বিভিন্ন হাৰাশাস্তিৰ সংন্মূখীন হ’ব লগীয়া হয়।বেংকৰ লেন দেন কৰাৰ ক্ষেত্ৰত বহুতো হাৰাশাস্তিৰ সন্মূখীন হ’ব লগীয়া হয় গ্ৰাহক সকলে।সেইহে আজি উক্ত অঞ্চলৰ শ শ মহিলাই হাতত বেংকৰ পাছবুক লৈ এইদৰে ষ্টেট বেংক বিশ্বনাথ ঘাট শাখাৰ সন্মূখত প্ৰতিবাদ কৰাৰ লগতে উক্ত অঞ্চলৰ ধন মিঞাৰ গ্ৰাহক কেন্দ্ৰটো পুনৰ মুকলি কৰি দিব লাগে বুলি দাবী জনায়।প্ৰতিবাদ কাৰীসকলৰ মতে গ্ৰাহক কেন্দ্ৰৰ স্বতাধিকাৰী ধন মিঞাই সুন্দৰ ভাবে উক্ত গ্ৰাহক কেন্দ্ৰত সেৱা আগবঢ়াইছিল।আনহাতে কিন্তু একাংশ লোকৰ মতে উক্ত অঞ্চলত ধন মিঞাৰ সলনি আন লোকৰ নামত গ্ৰাহক সেৱা মুকলি কৰি দিয়াৰ দাবী জনাই।