এছিয়ান গেমছত পলমকৈ পোৱা স্বৰ্ণপদক আৰক্ষী, চিকিৎসক আৰু কোৰোণা যোদ্ধাৰ নামত উচৰ্গা কৰিলে হিমা দাসে

122

এছিয়ান গেমছত পলমকৈ পোৱা স্বৰ্ণপদক আৰক্ষী, চিকিৎসক আৰু কোৰোণা যোদ্ধাৰ নামত উচৰ্গা কৰিলে হিমা দাসে

২০১৮ চনত অনুষ্ঠিত হোৱা এছিয়ান গেমছত হিমা দাসে লাভ কৰা ৰূপৰ পদক স্বৰ্ণপদকলৈ উন্নীত কৰা হৈছে
এটা ভাল খবৰ! ২০১৮ চনত অনুষ্ঠিত হোৱা এছিয়ান গেমছত হিমা দাসে লাভ কৰা ৰূপৰ পদক স্বৰ্ণপদকলৈ উন্নীত কৰা হৈছে। 4×400 মিক্স ৰিলেৰ দলটোত আছিল হিমা দাসৰ লগতে মহম্মদ আনাছ, এম আৰ পুৱাম্মা আৰু আৰোকিয়া ৰাজীৱ। কেমি এডেকয়াক ডপ টেষ্টত অনুত্তীৰ্ণ হোৱাৰ বাবে চাৰি বছৰৰ নিষেধাজ্ঞা আৰোপ কৰাৰ বাবে বাহৰেইনৰ দলটোক অযোগ্য ঘোষণা কৰা হয়।
এই পদকৰ উপৰিও ৪×৪০০ মিটাৰ মহিলা ৰীলেত স্বৰ্ণপদক আৰু মহিলাৰ ৪০০ মিটাৰ দৌৰত ৰূপৰ পদক পাইছিল অসমৰ সফল খেলুৱৈ গৰাকীয়ে। শেহতীয়াকৈ দলগত ভাৱে আৰু এটা স্বৰ্ণপদক পোৱাত, পদকটো কোৰোণা ভাইৰাছৰ যুজত অৱৰ্তীন হোৱা আৰক্ষী, চিকিৎসক আৰু যোদ্ধা সকলৰ নামত উচৰ্গা কৰে হিমা দাসে। সম্প্ৰতি পাটিয়ালাত অনুশীলনত ব্যস্ত থকি হিমা দাসে ছচিয়েল মিডিয়াৰ জৰিয়তে জনাই এই কথা।