উত্তৰাখণ্ডত AAPৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি: ৬ মাহত ১ লাখ নিযুক্তি, সংস্থাপন লাভ নকৰা পৰ্যন্ত ৫,০০০ টকা ভাট্টা

105

দিল্লীৰ মুখ্যমন্ত্ৰী তথা আপৰ অধ্যক্ষ অৰবিন্দ কেজৰিৱালৰ উত্তৰাখণ্ডৰ হালদৱানী ভ্ৰমণৰ সময়ত আজি আম আদমী পাৰ্টীয়ে এক ডাঙৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি প্ৰদান কৰে। আপৰ নেতাগৰাকীয়ে আগন্তুক উত্তৰাখণ্ড বিধানসভা নিৰ্বাচনত চৰকাৰ গঠন হ’লে চৰকাৰী চাকৰিৰ প্ৰতিশ্ৰুতি দিছে। প্ৰতিশ্ৰুতি অনুসৰি, প্ৰতিটো পৰিয়ালক নিযুক্তি দিয়া হ’ব। চৰকাৰ গঠনৰ ৬ মাহৰ ভিতৰত ১ লাখ চৰকাৰী চাকৰি প্ৰদান কৰা হ’ব। নিযুক্তি প্ৰদান নোহোৱালৈকে প্ৰতি মাহে ৫০০০ টকাৰ ভাট্টা প্ৰদান কৰা হ’ব। উত্তৰাখণ্ডীসকলে চাকৰিত ৮০% সংৰক্ষণ লাভ কৰিব বুলিও প্ৰতিশ্ৰুতি দিয়ে কেজৰিৱালে।

কেজৰিৱালে হালদৱানীত এখন সংবাদমেলত বিৰোধী দলসমূহক আক্ৰমণ কৰি কয় যে উত্তৰাখণ্ডত বিগত ২১ বছৰ ধৰি এই দলবোৰে পৰ্বত, অৰণ্য সকলো লুণ্ঠন কৰি আহিছে। এতিয়া নিৰ্বাচনৰ প্ৰাকক্ষণত তেওঁলোকে ২১ মাহত ২১ বছৰৰ দুৰ্দশা সমাধান কৰাৰ পৰিকল্পনা কৰি আছে।

কেজৰিৱালে লগতে কয়, এতিয়া আপ-এ এক নতুন পৰিকল্পনাৰ সৈতে উত্তৰাখণ্ডৰ উন্নয়নৰ বাবে আগবাঢ়ি আহিছে। আপৰ চৰকাৰ হলে দিল্লীৰ দৰে, ইয়াতো প্ৰায় ৭৩ শতাংশ লোকে বিনামূলীয়া বিদ্যুৎ লাভ কৰিব। একেদৰে, চৰকাৰ গঠন হ’লে শিক্ষা, চিকিৎসাৰ ক্ষেত্ৰতো উন্নয়ন সম্ভৱ হব।

কেজৰিৱালে কয়, “আজি মই যুৱক-যুৱতীসকলৰ বেদনাৰ বিষয়ে কথা পাতিবলৈ দেৱভূমিলৈ আহিছো। যেতিয়াই উত্তৰাখণ্ডৰ যুৱক-যুৱতীসকলে সুযোগ পাইছে, তেতিয়াই তেওঁলোকে নিজৰ দক্ষতা প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে। কিন্তু যোৱা ২১ বছৰত যুৱক-যুৱতীসকলৰ দুৰ্দশা উত্তৰাখণ্ডত বৃদ্ধি পাইছে। সুযোগ নোপোৱাত যুৱক-যুৱতীসকলে নিজৰ ঘৰ এৰিব লগা হৈছে৷ কোনেও তেওঁলোকৰ ঘৰ এৰিব নিবিচাৰে সকলোৱে তেওঁলোকৰ গাঁৱত তেওঁলোকৰ ঘৰত থাকিব বিচাৰে। আজি উত্তৰাখণ্ডৰ আটাইতকৈ ডাঙৰ সমস্যাটো যুৱপ্ৰজন্মৰ প্ৰস্থানত পৰিণত হৈছে।”

তেওঁ কয়, “আজি উত্তৰাখণ্ডৰ যুৱক-যুৱতীসকল বৰ অসন্তুষ্ট। প্ৰতিজন যুৱক-যুৱতীক নিযুক্তি দিয়া উচিত। এয়া তেওঁলোকৰ অধিকাৰ।” কেজৰিৱালে বিজেপিক আক্ৰমণ কৰি কয় যে যদি আপুনি বিজেপিক ভোট দিয়ে, আপুনি প্ৰতি মাহে এজন মুখ্যমন্ত্ৰী পাব আৰু যদি আপুনি আম আদমী পাৰ্টিক ভোট দিয়ে, আপুনি এজন ৫ বছৰীয়া স্থায়ী মুখ্যমন্ত্ৰী পাব যি আপোনাৰ সন্তানক নিযুক্তি দিব।

এই সংবাদমেলতে কেজৰিৱালে ৰাজ্যখনৰ নিবনুৱা সমস্যা দূৰ কৰাৰ বাবে ৬টা ঘোষণা কৰি নিৰ্বাচনী ৰণডংকা বজায়।

১. আপ চৰকাৰ গঠনৰ পিছত প্ৰতিজন নিবনুৱাৰ বাবে নিযুক্তি নিশ্চিত কৰা।

২. নিযুক্তি প্ৰদান নোহোৱালৈকে প্ৰতি মাহে ৫,০০০ টকা ভাট্টা প্ৰদান।

৩. চৰকাৰী আৰু ব্যক্তিগত ভাৱে উত্তৰাখণ্ডৰ লোকসকলৰ বাবে ৮০% চাকৰি সংৰক্ষিত কৰা।

৪. চৰকাৰ গঠনৰ ৬ মাহৰ ভিতৰত এক লাখ চাকৰি প্ৰস্তুত কৰা।

৫. যিদৰে দিল্লীত চাকৰিৰ পৰ্টেল সৃষ্টি কৰা হৈছে, উত্তৰাখণ্ডতো চাকৰি পৰ্টেল সৃষ্টি কৰা হ’ব।

৬. নিযুক্তি আৰু প্ৰব্ৰজন মন্ত্ৰালয় সৃষ্টি কৰা হ’ব। ই চাকৰি সৃষ্টি কৰা, প্ৰব্ৰজন কৰা সকলক বাধা দিয়া আৰু প্ৰব্ৰজন কৰা সকলক ঘূৰাই অনাৰ বাবে এক অনুকূল পৰিৱেশ সৃষ্টি কৰাৰ বাবে কাম কৰিব।