উত্তৰ-পূবত ডেল্টা প্লাছ ভেৰিয়েণ্টৰ টোকৰ! ত্ৰিপুৰাত ১৩৮ জন আক্ৰান্ত

7085

উত্তৰ-পূবত প্ৰৱেশ ঘটিছে কোৰোনাৰ নতুন প্ৰকাৰ ডেল্টা প্লাছ ভেৰিয়েণ্ট! ত্ৰিপুৰাত ১৫৮ গৰাকী লোকৰ স্বাস্থ্য পৰীক্ষাত ১৩৮ গৰাকীৰ দেহত ডেল্টা প্লাছ ভেৰিয়েণ্টৰ উপস্থিতি ধৰা পৰিছে। তাৰ পিছতে ৰাজ্যখনত বিৰাজ কৰিছে এক আতংকময় পৰিৱেশৰ।

ৰাজ্য স্বাস্থ্য পৰিদৰ্শন বিষয়া দীপ কুমাৰ দেৱ বাৰ্মাই জানিবলৈ দিয়া মতে, ১৫৮টা নমুনা পৰীক্ষাৰ বাবে পশ্চিম বংগলৈ প্ৰেৰণ কৰা হৈছিল। এই পৰীক্ষাতে ১৩৮ টা নমুনাত ডেল্টা প্লাছ ভেৰিয়েণ্ট ধৰা পৰে।

ইতিমধ্যে দুদিনৰ বাবে ত্ৰিপুৰৰ ১৩ খন জিলাত সম্পূৰ্ণ সান্ধ্য আইন জাৰি কৰা হৈছে। শনিবাৰৰ পৰা জাৰি কৰা এই সান্ধ্য আইন সোমবাৰলৈকে বাহাল থাকিব। আনহাতে অন্য জিলা সমূহত জাৰি হৈ থকা আংশিক সান্ধ্য আইনৰ সীমা ১৭ জুলাইলৈ বৃদ্ধি কৰিছে ৰাজ্য চৰকাৰে। উল্লেখ্য যে, পশ্চিম ত্ৰিপুৰাৰ জিলাসমূহত সৰ্বাধিক ১১৫ জন ডেল্টা প্লাছ ভেৰিয়েণ্টত আক্ৰান্ত হৈছে।