ডিজিটেল ডেস্ক: সীমা সুৰক্ষা বল (বিএছএফ)ৰ অধিকাৰ ক্ষেত্ৰক লৈ পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কৰা মন্তব্যৰ পিছতে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৰাজ্যপাল জগদীপ ধনখড়ে। সংবাদ মাধ্যমৰ আগত দিয়া এক বিবৃতিত তেওঁ কয়, বিএছএফে দেশৰ নিৰাপত্তাৰ বাবে কাম কৰি আছে। অধিকাৰ ক্ষেত্ৰৰ সন্দৰ্ভত, সিদ্ধান্ত লোৱা হৈছে যে বিএফএছে ৫০ কিলোমিটাৰ সীমাৰ ভিতৰত কাম কৰিবলৈ সক্ষম হ’ব। ইয়াৰ স্বত্ত্বেও, মমতা বেনাৰ্জীয়ে ১৫ কিলোমিটাৰ অধিকাৰক্ষেত্ৰৰ বিষয়ে কথা পাতি স্থানীয় আৰক্ষী আৰু বিএছএফৰ মাজত উত্তেজনা সৃষ্টি কৰিব বিচাৰে।
উল্লেখ্য যে, ইয়াৰ পূৰ্বেও ৰাজ্যপালে ইয়াক ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বাবে এক সম্ভাৱ্য ডাঙৰ ভাবুকি বুলি অভিহিত কৰিছিল।
দৰাচলতে, মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ৰাজ্যিক আৰক্ষীক নিৰ্দেশনা জাৰি কৰিছিল যাতে বিএছএফে আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ পৰা ১৫ কিলোমিটাৰ অধিকাৰ ক্ষেত্ৰ উলংঘা নকৰে। ধনখড়ে মমতা বেনাৰ্জীলৈ এখন পত্ৰও লিখিছিল আৰু ইয়াক ফেডাৰেল ৰাজনীতি আৰু ৰাষ্ট্ৰীয় সুৰক্ষাৰ বাবে এক ডাঙৰ ভাবুকি বুলি অভিহিত কৰিছিল।
ৰাজ্যপাল ধনখড়ে কয় যে পশ্চিম বংগ বিধানসভাই হাওৰা পৌৰ নিগমৰ বিভাজনৰ সিদ্ধান্ত লৈছে। মই এই সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত ল’ব লাগিব। মই ২৪ নৱেম্বৰত বিধেয়কখন সন্দৰ্ভত মমতা বেনাৰ্জী চৰকাৰক প্ৰশ্ন কৰিছিলো, কিন্তু এতিয়ালৈকে তেওঁলোকে কোনো সঁহাৰি দিয়া নাই।