আফগানিস্তানৰ বোমা বিস্ফোৰণত নিহত দুৰ্ধৰ্ষ পাকিস্তানী সন্ত্ৰাসবাদী ওমৰ খালিদ খুৰছানীৰ

268

ডিজিটেল ডেস্কঃ ৩ কোটি টকা শিৰৰ মূল্য ঘোষণা কৰা এজন দুৰ্ধৰ্ষ পাকিস্তানী সন্ত্ৰাসবাদীৰ আফগানিস্তানৰ বোমা বিস্ফোৰণত নিহত হয়। তিনিজন সংগীৰ সৈতে তেওঁ আফগানিস্তানত আত্মগোপন কৰি থকা আব্দুল ৱালি ওৰফে ওমৰ খালিদ খুৰাছানী নামৰ পাকিস্তানী সন্ত্ৰাসবাদীজন নিহত হয় বোমা বিস্ফোৰণত। এই সন্ত্ৰাসবাদীজনৰ মৃত্যুৰ বাবেই সন্ত্ৰাসবাদী সংগঠন তেহৰিক-ই-তালিবান (টিটিপি)ৰ সৈতে পাকিস্তান চৰকাৰৰ শান্তি আলোচনা ভংগ হ’ব পাৰে বুলি একাংশই দাবী কৰি আহিছিল।

আব্দুলৰ মৃত্যুৰ খবৰ পাকিস্তানে সোমবাৰে প্ৰকাশ কৰে। তেওঁৰ লগত তেওঁৰ তিনিজন সংগীৰ মৃত্যু হোৱা বুলি কোৱা হয়। জানিব পৰা মতে, দেওবাৰে আফগানিস্তানৰ বৰমল জিলাত পাকিস্তান সীমান্তৰ সমীপত বোমা আক্ৰমণ সংঘটিত হয়। এই পৰ্যন্ত কোনো উগ্ৰপন্থী সংগঠনে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰা নাই। আফগানিস্তানৰ তালিবান চৰকাৰে এই বিস্ফোৰণ সন্দৰ্ভত কোনো মন্তব্য কৰা নাই। আনকি টিটিপিঅ’ই এই মৃত্যুক লৈ মৌনতা অৱলম্বন কৰিছে।

জানিব পৰা মতে, আব্দুলে নিজৰ সংগীসকলৰ সৈতে এখন গাড়ীত যাত্ৰা কৰিছিল। তাৰ পিছত এটা বিস্ফোৰণ হয়। যাৰ ফলত ৰাস্তাৰ দাঁতিত গাড়ীখনৰ ভিতৰত পৰি ৰয় সন্ত্ৰাসবাদী কেইজনৰ মৃতদেহ।

দীৰ্ঘদিন ধৰি তালিবান-পাকিস্তানৰ সম্পৰ্কত বিভাজন বহল হৈ আহিছে। মূলতঃ তেহৰিক-ই-তালিবান পাকিস্তান সন্ত্ৰাসবাদী সংগঠনৰ উত্থানক লৈ ইছলামবাদ আফগান তালিবানৰ ওপৰত ক্ষুব্ধ। পাকিস্তানৰ মাটিত ভেঙুচালি অব্যাহত আছে টিটিপিয়ে। আফগানিস্তানত তালিবান শাসন প্ৰতিষ্ঠাৰ পাছৰে পৰা বিভিন্ন জেহাদী সংগঠন অতি সক্ৰিয় হৈ পৰিছে। বিশেষকৈ পাকিস্তানত টিটিপিয়ে একাধিক আক্ৰমণ সংঘটিত কৰিছে। বাৰম্বাৰ আলোচনাৰ পাছতো পাকিস্তান প্ৰশাসনে সংগঠনটোক অস্ত্ৰ-শস্ত্ৰ এৰি দিবলৈ বাধ্য কৰিব নোৱাৰিলে।

যোৱা সপ্তাহত আমেৰিকাই আল কায়দাৰ শীৰ্ষ নেতা জাৱাহিৰীক হত্যা কৰিছিল। ইফালে টিটিপিৰ অন্যতম শীৰ্ষ সন্ত্ৰাসবাদী নেতাৰ মৃত্যু হৈছে। পাকিস্তানৰ আৰক্ষী, সেনা, সংখ্যালঘু ছিয়া মুছলমান আৰু খ্ৰীষ্টানসকলৰ বিৰুদ্ধে অসংখ্য আক্ৰমণৰ অভিযোগ উত্থাপন হৈছে নেতাগৰাকী। এই বিস্ফোৰণৰ সৈতে পাকিস্তানৰ প্ৰত্যক্ষ সম্পৰ্ক আছে নে নাই সেয়া লক্ষণীয় হ’ব। আপাততঃ সেই মৃত্যুৰ আশে-পাশে টিটিপি আৰু পাকিস্তান চৰকাৰৰ মাজৰ সম্পৰ্ক পুনৰ অৱনতি ঘটিছে।