আজিৰে পৰা আৰম্ভ হৈছে অসম বিধানসভাৰ শীতকালীন অধিৱেশন, কি কি বিধেয়ক হ’ব উত্থাপন…

52

সোমবাৰৰ পৰা আৰম্ভ হৈছে অসম বিধানসভাৰ শীতকালীন অধিৱেশন। তিনিদিনীয়াকৈ চলিবলগা এই শীতকালীন অধিৱেশনত মুখ্যমন্ত্ৰী সোণোৱাল চৰকাৰে কেইবাখনো বিধেয়ক উত্থাপন কৰিব। আনহাতে গৃহ, ৰাজনীতি, অসম চুক্তি ৰূপায়ণকে ধৰি বিভিন্ন বিষয়ত সদনত ৰাজ্য চৰকাৰক প্ৰশ্ন কৰিব বিৰোধী দলে।

শীতকালীন অধিৱেশনত বিত্তমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ২০২০-২১ৰ পৰিপূৰক দাবী আৰু পৰিপূৰক বিনিয়োজন সমূহ দাখিল কৰিব। বিত্তমন্ত্ৰীগৰাকীয়ে ‘দ্য আছাম টেক্সেছন (লিকুউডেশ্যন অব এৰিয়াৰ দিউজ) (ছেকেণ্ড এমেণ্ডমেণ্ট) বিল ২০২০’ আৰু ‘দ্য আছাম মাইক্ৰ’ ফাইনেন্স ইনষ্টিটিউশ্যনছ (ৰেগুলেশ্যন অন মানি লেণ্ডিং)’ বিলখনো উত্থাপন কৰিব সদনত।

আনহাতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ‘দ্য আছাম লেংগুৱেজ (এমেণ্ডমেণ্ট বিল) ২০২০’ আৰু ‘দ্য আসাম টি প্লেণ্টেচন প্ৰভিডেণ্ট ফাণ্ড এণ্ড পেঞ্চন ফাণ্ড ডিপোজিট লিংকড ইঞ্চুৰেন্স ফাণ্ড স্কীম (এমেণ্ডমেণ্ট) বিল ২০২০’ উত্থাপন কৰাৰ সম্ভাৱনা আছে। ইফালে উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ‘দ্য আছাম ইজ অফ ডুয়িং বিজনেছ (এমেণ্ডমেণ্ট) বিল, ২০২০’ উত্থাপন কৰিব বিধানসভাত। তদুপৰি চলিত শীতকালীন অধিৱেশনত ‘মৰাণ, মটক, কমতাপুৰ স্বায়ত্ত শাসিত পৰিষদ (সংশোধন)বিধেয়ক’ আৰু ‘বড়ো কছাৰী ৱেলফেৱাৰ অটোনমাছ কাউন্সিল বিল, ২০২০’ দাখিল কৰাৰ সম্ভাৱনা আছে।

লগতে ‘মৰাণ, মটক, কমতাপুৰ স্বায়ত্তশাসিত পৰিষদ (সংশোধন)বিধেয়ক আৰু ‘বড়ো কছাৰী ৱেলফেৱাৰ অটোনমাছ কাউন্সিল বিল ২০২০ বিল’ দাখিল কৰা হ’ব বিধানসভাত।