আজি পশ্চিমবংগত ষষ্ঠ পৰ্যায়ৰ ভোটগ্ৰহণ…

120

আজি অনুষ্ঠিত হৈছে পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ ষষ্ঠ পৰ্যায়ৰ ভোটগ্ৰহণ। দেশত সৃষ্ট কোৰোনাৰ ভয়াবহ সংক্ৰমণৰ মাজতে আজি ৰাজ্যখনৰ ৪৩ টা সমষ্টিত অনুষ্ঠিত হৈছে ভোটগ্ৰহণ।

উল্লেখ্য যে, ৪৩ টা সমষ্টিত ৩০৬ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব প্ৰায় ১ কোটি ভোটাৰে। ফালে বিগত পৰ্যায়ত হোৱা হিংসাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যখনত নিৰাপত্তা ব্যৱস্থা অধিক কঠোৰ কৰা হৈছে । নিৰ্বাচন আয়োগে ষষ্ঠ পৰ্যায়ত নিৰাপত্তাৰক্ষীৰ প্ৰায় ১,০৭১ টা কোম্পানী মোতায়েন কৰিছে বুলি জানিব পৰা গৈছে।