আজি আনুষ্ঠানিকভাৱে আত্মসমৰ্পনৰ সম্ভাৱনা আলফা নেতা জীৱন মৰানৰ। বৰ্তমান আৰুণাচল প্ৰদেশৰ টিৰাপস্থিত সেনা শিৱিৰত থকা আলফাৰ জ্যেষ্ঠ নেতাগৰাকীয়ে আজি ডিব্ৰুগড়ত আত্মসমৰ্পণ কৰিব বুলি জানিব পৰা গৈছে।
উল্লেখ্য যে, ৪০ বছৰতকৈও অধিক কাল আলফা স্বাধীনৰ গুৰু দায়িত্ব বহন কৰা জ্যেষ্ঠ আলফা নেতা জীৱন মৰানক স্বাস্থ্যজনিত কাৰণত অব্যাহতি প্ৰদান কৰা হৈছিল। তাৰ পিছতে অৰুণাচলৰ টিৰাপৰ সেনা শিৱিৰত থকা নেতাগৰাকী আজি ডিব্ৰুগড়ত আত্মসমৰ্পণ কৰাৰ সম্ভাৱনা আছে।