অৱশেষত চীনা সেনাই মুকলি কৰি দিলে অৰুণাচলৰ পৰা অপহৃত মিৰামক…

122

অৱশেষত ঘৰৰ ল’ৰা উভতি আহিল ঘৰলৈ। সম্পূৰ্ণ এসপ্তাহৰ পিছত বৃহস্পতিবাৰে চীনা সেনাই মুকলি কৰি দিলে অৰুণাচলৰ পৰা অপহৰণ কৰা মিৰাম টাৰণক।

ভাৰত চৰকাৰৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই ১৮ জানুৱাৰীত অৰুণাচল-চীনা সীমান্তৰ পৰা পিএলএয়ে অপহৰণ কৰা যুৱকজনক অৱশেষত মুকলি কৰি দিয়া হয়।

ইফালে মিৰামক মুকলি কৰি দিয়াৰ পিছতে স্বস্তিৰ নিশ্বাস এৰিছে পৰিয়াল আৰু দেশবাসীয়ে। কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুৱে জানিবলৈ দিয়া মতে বৰ্তমান মিৰামৰ স্বাস্থ্য পৰীক্ষা কৰা হৈছে।

উল্লেখ্য যে, গণতন্ত্ৰ দিৱসৰ দিনা মিৰামক মুকলি দিয়াৰ বিষয়ে পিএলএয়ে ইংগিত প্ৰদান কৰা বুলি জানিবলৈ দিছিল কিৰেন ৰিজিজুৱে। তেওঁ জানিবলৈ দিয়া মতে এই সন্দৰ্ভত ভাৰতীয় সেনাই চীনা সৈন্যৰ সৈতে হট লাইনত যোগাযোগ কৰিছিল। য’ত চীনা সেনাই যুৱকজনক মুকলি কৰি দিয়াৰ আশ্বাস দিছিল।