অৰুণাচলত মানৱ সৰবৰাহকাৰীৰ কৱলৰ পৰা উদ্ধাৰ তেজপুৰৰ কিশোৰী, ৩জনক গ্ৰেপ্তাৰ

130

অৰুণাচল প্ৰদেশৰ নাহৰলাগুনৰ পৰা শোণিতপুৰ আৰক্ষীয়ে তেজপুৰৰ এগৰাকী ১৩ বছৰীয়া কিশোৰীক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে জানিবলৈ দিয়া মতে কিশোৰীগৰাকীক মানৱ সৰবৰাহকাৰীয়ে ১ লাখ টকাৰ বিনিময়ত অৰুণাচল প্ৰদেশত বিক্ৰী কৰিছিল।

আৰক্ষীয়ে অভিযান চলাই এটা ঘৰত বন্দী কৰি ৰখা অৱস্থাত কিশোৰীগৰাকীক উদ্ধাৰ কৰে। শোণিতপুৰ জিলাৰ এছ পি ড০ ধনঞ্জয় ঘানাৱত আৰু অতিৰিক্ত এছপি (মুখ্য কাৰ্যালয়) মাধুৰীমা দাসৰ তত্বাৱধানত এছ আই জাফিৰ হুছেইনৰ নেতৃত্বত শোনিতপুৰ আৰক্ষীৰ এটা দলে এই অভিযান চলাইছিল।

সংবাদ মাধ্যমক অৱগত কৰি মাধুৰীমা দাসে কয় যে অভিযানৰ সময়ত তিনিজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। গ্ৰেপ্তাৰ কৰা লোকসকলক বিশ্বনাথ চাৰিআলি জিলাৰ গিংগিয়াৰ দুল বৰুৱা, প্ৰবীণ খাণ্ডৱাল আৰু তেওঁৰ পত্নী চুমি খাণ্ডৱাল বুলি চিনাক্ত কৰা হৈছে। তেওঁ লগতে এই কথাও জানিবলৈ দিয়ে যে কিশোৰীগৰাকী যোৱা ৫ ছেপ্টেম্বৰৰ পৰা সন্ধানহীন হৈ আছিল আৰু পৰিয়ালৰ সদস্যসকলে কিশোৰীগৰাকীৰ নিৰুদ্দেশ সন্দৰ্ভত এখন এজাহাৰো দাখিল কৰিছিল। এই সন্দৰ্ভত ১৯২৬/২১ ইউ/এছ ৩৬৬, আইপিচিৰ ৩৭০ নং গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছিল আৰক্ষীয়ে।

অনুসন্ধানৰ সময়ত দেখা গৈছিল যে বিশ্বনাথ চাৰিআলি জিলাৰ গিংগিয়াৰ প্ৰবীণ খাণ্ডৱাল আৰু তেওঁৰ পত্নী চুমি খাণ্ডৱালে ছোৱালীজনীক সৰবৰাহ কৰিছিল আৰু অৰুণাচল প্ৰদেশত ১ লাখ টকাত বিক্ৰী কৰিছিল। আৰক্ষীয়ে তেওঁলোকৰ দখলৰ পৰা ৪৮,০০০ টকা উদ্ধাৰ কৰে।

উল্লেখ্য যে, অসমৰ পৰা অৰুণাচল প্ৰদেশলৈ কিশোৰীৰ সৰবৰাহ কিছু সময়ৰ পৰা ব্যাপকভাৱে চলি আছে। খবৰ অনুসৰি মানৱ সৰবৰাহকাৰীসকলে যুৱতীসকলক উন্নত জীৱন আৰু শিক্ষাৰ প্ৰতিশ্ৰুতিৰে প্ৰলোভিত কৰে আৰু তেওঁলোকক চুবুৰীয়া ৰাজ্যলৈ নি বিক্ৰী কৰে।