অৰুণাচলত উদ্ধাৰ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত সন্ধানহীন হোৱা বিমানৰ ধ্বংসাৱশেষ

91

সুদীৰ্ঘ ৭৭ বছৰৰ পিছত অৰুণাচল প্ৰদেশত উদ্ধাৰ হ’ল দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত দুৰ্ঘটনাগ্ৰস্ত হৈ সন্ধানহীন হোৱা এখন বিমানৰ। অৰুণাচলৰ এখন বৰফাবৃত্ত পাহাৰৰ শিখৰত উদ্ধাৰ হয় বিমানখনৰ ধ্বংসাৱশেষ।

সংবাদ সংস্থা এএফপিৰ এক প্ৰতিবেদন অনুসৰি, ১৯৪৫ চনৰ জানুৱাৰীমাহৰ প্ৰথম সপ্তাহত চি-৪৬ পৰিবহন বিমানখনে চীনৰ কুনমিংৰ পৰা ১৩ জন লোকক কঢ়িয়াই লৈ গৈছিল। কিন্তু বেয়া বতৰৰ বাবে বিমানখন অৰুণাচলত পাহাৰীয়া অঞ্চলত দুৰ্ঘটনাগ্ৰস্ত হৈ সন্ধানহীন হৈ পৰে।

উল্লেখ্য যে, সন্ধানহীন হৈ থকা এই বিমানখনৰ ভিতৰত থকা এগৰাকী ব্যক্তিৰ পুত্ৰ বিল শ্বেৰৰে ক্লেটন কুহল্সক বিমানখনৰ সন্ধান উলিওৱাৰ দায়িত্ব অৰ্পণ কৰিছিল। তাৰ পিছতে ক্লেটন কুহল্সে স্থানীয় লিচাউ জনগোষ্ঠীৰ সৈতে মিলি বিমানখনৰ সন্ধান অভিযান চলায়। জানিব পৰা মতে, এই অভিযানৰ আৰম্ভণিতে হাইপোথাৰ্মিয়াৰ ফলত তিনিজন গাইডৰ মৃত্যুও ঘটে। কিন্তু অৱশেষত অভিযানকাৰী দলটোৱে বৰফৰে আবৃত্ত এখন পাহাৰৰ শিখৰত বিমানখনৰ ধ্বংসাৱশেষ উদ্ধাৰ কৰে। বিমানখনৰ টেল নম্বৰৰ জৰিয়তে তেওঁলোকে চিনাক্ত কৰে।

বিল শ্বেৰৰে এএফপিক জানিবলৈ দিয়া মতে, যেতিয়া তেওঁৰ পিতৃ বিমানৰ সৈতে সন্ধানহীন হৈছিল, তেতিয়া তেওঁৰ বয়স আছিল মাত্ৰ ১৩ মাহ। কিন্তু তেওঁৰ মাতৃয়ে যেতিয়া পিতৃৰ সন্ধান বিচাৰি অভিযান আৰম্ভ কৰিছিল, তেতিয়াই তেওঁ ঠিৰাং কৰিছিল যে এদিন তেওঁ সেই সন্ধানহীন বিমানখন বিচাৰি উলিয়াব।

উল্লেখ্য যে, দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ভাৰত, চীন আৰু ম্যানমাৰৰ অপাৰেচন ক্ষেত্ৰসমূহৰ চাৰিওফালে শ শ আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামৰিক বিমান সন্ধানহীন হৈছিল। সেই সময়ত জাপানী সেনাৰ গুলীচালনাত কিছু বিমান ভূপতিত হৈছিল আৰু আন কিছু বেয়া বতৰৰ বাবে দুৰ্ঘটনাত পতিত হৈ অৰণ্য এলেকা অথবা সাগৰত সন্ধানহীন হৈ পৰিছিল।