অহা বছৰ ৰাইজৰ সেৱাৰ বাবে মুকলি কৰা হব নলবাৰী চিকিৎসা মহাবিদ্যালয় হাস্পতাল

140

নলবাৰী: অহা শিক্ষাবৰ্ষৰ পৰা কাৰ্যক্ষম হব নলবাৰী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল। এই কথা জানিবলৈ দিয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

‘আন্না মহোৎসৱ’ৰ আনুষ্ঠানিক উদ্বোধনী অনুষ্ঠানত ভাষণ দি ড০ শৰ্মাই ঘোষণা কৰে যে অহা বছৰত নলবাৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় (এনএমচিএইচ) জনসাধাৰণৰ সেৱাৰ বাবে উৎসৰ্গিত কৰা হ’ব।

৩৫০ কোটি টকাৰ (আনুমানিক) নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা ২৭ জানুৱাৰী, ২০১৯ত অসমৰ তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে স্থাপন কৰিছিল। সম্পূৰ্ণ হোৱাৰ পিছত, ই হ’ব ৰাজ্যখনৰ ১৩সংখ্যক চিকিৎসা মহাবিদ্যালয়।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে চিকিৎসা মহাবিদ্যালয়খনে নলবাৰী আৰু ইয়াৰ কাষৰীয়া অঞ্চলৰ লোকসকলক উন্নত স্বাস্থ্যসেৱা প্ৰদান কৰিব।