অসুস্থ বংগৰ ৰাজ্যপাল জগদীপ ধনখৰ; এইমছত স্বাস্থ্যৰ বুজ ল’লে অমিত শ্বাহে

121

ডিজিটেল ডেস্কঃ অসুস্থ পশ্চিমবংগৰ ৰাজ্যপাল জগদীপ ধনখৰ। তেওঁ বৰ্তমান দিল্লীৰ এইমছত চিকিৎসাধীন হৈ আছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে বুধবাৰে চিকিৎসালয়ত উপস্থিত হৈ তেওঁৰ স্বাস্থ্যৰ বুজ লয়। খবৰ অনুসৰি তেওঁ আজি দুপৰীয়া প্ৰায় ১.৪৫ বজাত চিকিৎসালয়ত উপস্থিত হয়।

জগদীপ ধনখৰ যোৱা কেইদিনমান ধৰি জ্বৰত ভুগি আছিল। তেওঁৰ তেজ দিল্লীত পৰীক্ষা কৰা হৈছিল। চিকিৎসকসকলে অনুমান কৰিছে যে ৰাজ্যপালগৰাকী মেলেৰিয়াত আক্ৰান্ত হৈছে। জগদীপ ধনখৰে পূজাৰ সময়ত তেওঁৰ পৰিয়ালৰ সৈতে উত্তৰ বংগ ভ্ৰমণ কৰিছিল। তাৰ পৰা তেওঁ দিল্লীলৈ গৈছিল। দিল্লীলৈ যাওঁতে ৰাজ্যপাল গৰাকী সুস্থ আছিল যদিও, তেওঁ ৰাজধানীত অসুস্থ হৈ পৰে। তাৰ পিছতে তেওঁক এইমছত ভৰ্তি কৰোৱা হয়।

খবৰ অনুসৰি, কেৱল ৰাজ্যপালেই নহয়, বহুলোক কলকাতা চহৰ আৰু দাঁতি কাষৰীয়া অঞ্চলত মহৰ দ্বাৰা হোৱা ৰোগত আক্ৰান্ত হৈছে। জানিব পৰা মতে এই বছৰৰ আৰম্ভণিৰ পৰা ২৩ অক্টোবৰলৈ কলকাতাত ৫,২০০০ জন লোক মেলেৰিয়াত আক্ৰান্ত হৈছে। ৰাজ্যিক স্বাস্থ্য বিভাগৰ মতে, ৰাজ্যখনৰ মুঠ মেলেৰিয়া ৰোগীৰ ৮০ শতাংশই কলকাতাৰ বাসিন্দা। বিধাননগৰ পৌৰ নিগমে প্ৰদান কৰা তথ্য অনুসৰি, জানুৱাৰীৰ পৰা ৩০ ছেপ্টেম্বৰলৈ সংশ্লিষ্ট অঞ্চলত ২৫ জন লোক ডেংগুৰ দ্বাৰা আক্ৰান্ত হৈছিল।