অসাধ্য সাধন! চাউলৰ দানাত ভাগৱত গীতাৰ শ্লোক লিখি উলিয়ালে এগৰাকী আইনৰ ছাত্ৰীয়ে

88

ডিজিটেল ডেস্কঃ এক দুসাধ্য কাম। আপুনি খোৱা চাউলৰ দানাত হয়তো চিত্ৰশিল্পীয়ে কোনো প্ৰতিথযশা ব্যক্তিৰ চিত্ৰ অংকন কৰা আপুনি শুনিছে, বা দেখিছেও। কিন্তু চাউলৰ দানাত যদি কোনো শিল্পীয়ে ভাগৱত গীতাৰ সকলো শ্লোক লিখি পেলোৱা বুলি কোৱা হয়, ইয়ে আপোনাক আচৰিত নকৰিবনে?

হয় আপুনি অৱিশ্বাস কৰিলেও, এয়া সম্ভৱ কৰি তুলিছে হায়দৰাবাদৰ এগৰাকী আইনৰ ছাত্ৰীয়ে। তেলেংগানাৰ ৰাজধানী হায়দৰাবাদত এতিয়া বানৰ সংহাৰ চলিছে। নেৰেনেপেৰা বৰষুণে সমগ্ৰ চহৰখনত ত্ৰাসৰ সৃষ্টি কৰিছে। তাৰ মাজতে নিজৰ অদ্ভূত কৰ্মৰাজীৰে চৰ্চালৈ আহিছে চহৰখনৰ এগৰাকী আইনৰ ছাত্ৰী। নাম তেওঁৰ ৰামগিৰি স্বাৰিকা।

ৰামগিৰি স্বাৰিকাই ৪,০৪২টা চাউলৰ সৰু সৰু দানাৰ ওপৰত লিখি উলিয়াইছে ভাগৱত গীতা। এই অসাধ্য সাধন কৰাৰ বাবে তেওঁ ১৫০ ঘণ্টা সময় একাণপতীয়াভাৱে কাম কৰিছিল। চাউলৰ দানাত ভাগৱত গীতাৰ শ্লোক লিখি ভাৰতৰ প্ৰথমগৰাকী মহিলা মাইক্ৰ’ আৰ্টিষ্ট হিচাপেও নিজকে দাবী কৰিছে ৰামগিৰি স্বাৰিকাই।

স্বাৰিকাই জানিবলৈ দিয়া মতে, তেওঁ এই কাম কৰাৰ সময়ত কোনো ধৰণৰ মেগনিফায়িং গ্লাছ ব্যৱহাৰ কৰা নাছিল। খোলা চকুৰে চাউলৰ দানাত ভাগৱত গীতাৰ শ্লোক লিখি সঁচাকৈয়ে এক অসম্ভৱ যেন লগা কাৰ্য সম্ভৱ কৰিছে হায়দৰাবাৰ এগৰাকী ছাত্ৰীয়ে। স্বাৰিকাই ইয়াৰ পূৰ্বেও আন বহু মাইক্ৰ’ আৰ্টৰ জৰিয়তে লাভ কৰিছিল ব্যাপক চৰ্চা। কিন্তু শেহতীয়াকৈ ছাত্ৰীগৰাকীৰ এই কামে মাইক্ৰ’ আৰ্ট জগতত এক নতুন অধ্যায়ৰ সূচনা কৰিছে বুলিয়েই বহুজনে মন্তব্য কৰিছে।