অসমীয়াৰ প্ৰাণৰো প্ৰাণ ৰঙালী বিহুত এইবাৰ নাই পূৰ্বৰ উছাহ

183

ষ্টাফৰিপোৰ্টাৰ, ১৩ এপ্ৰিল : সমগ্ৰ বিশ্ব জুৰি কৰ’নাৰ আতংক অব্যাহত থকাৰ সময়ত অসমীয়াৰ প্ৰাণৰো প্ৰাণ হেঁপাহৰ ৰঙালী বিহু এইবাৰ অনুষ্ঠুপিয়াকৈ পালন কৰা হৈছে। ৰাজ্য চৰকাৰে বান্ধি দিয়া নিয়ম অনুসৰিয়ে ৰাজ্যজুৰি বিহু কমিটি সমূহে বিহু পালন কৰিছে। সোমবাৰে অসমীয়াই গৰু বিহু পৰম্পৰা গত নিয়ম অনুসৰি পালন কৰে। কিন্তু কৰ’না ভাইৰাছৰ পৰিপ্ৰেক্ষিতত এইবাৰ বহুতে নিজ গোঁহালিতে গৰু গা ধুৱই পৰম্পৰা ৰক্ষা কৰে। গৰু বিহুৰ দিনা চানমাৰিৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত গুৱাহাটী বিহু সন্মিলনৰ ৫৯ সংখ্যক বিহু সমাৰোহৰ পতাকা উত্তোলন কৰে সন্মিলনৰ সভাপতি বসন্ত দাসে।আনহাতে
৫৫ সংখ্যক উলুবাৰী ৰঙালী বিহু সন্মিলনৰ পতাকা উত্তোলন কৰে সন্মিলনৰ সভাপতি, মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই। উলুবাৰী ৰঙালী বিহু সন্মিলনৰ তৰফৰ পৰা দুখীয়া লোকৰ মাজত খাদ্য সামগ্ৰীও বিতৰণ কৰা হয়। কাইলৈ অসমীয়াই পালন কৰিব মানুহ বিহু।।