অসমত দেওবাৰৰ দিনটোত নতুনকৈ কৰ’না আক্রান্তৰ সংখ্যা ১১৪২

106

ষ্টাফৰিপৰ্টাৰ, অসমত দেওবাৰৰ দিনটোত নতুনকৈ কৰ’না আক্রান্তৰ সংখ্যা ১১৪২ লৈ বৃদ্ধি পায়। ইয়াৰে ১৭১ জন কেৱল গুৱাহাটী মহানগনৰীৰ, ১৮৮ গৰাকী কামৰূপৰ আৰু ১০০ গৰাকী দৰঙৰ। বিগত ২৪ ঘন্টাত ২০ হাজাৰ ৫৪২ টা পৰীক্ষা সম্পাদন কৰাৰ পাছত দৈনিক আক্ৰান্তৰ হাৰ হৈছ ৫.৫৫ শতাংশ।উল্লেখ্য অসমত মুঠ কৰ’না আক্ৰান্তৰ সংখ্য ৩২,২২৮ জন। ইয়াৰে ২৩০,৫৫ জন সুস্থ হৈ উঠিছে। ৯০৯১ গৰাকীৰ চিকিৎসা চলি আছে। উল্লেখ্য অসমত কৰ’নাত ৭৯ জন লোকে প্ৰাণ হেৰুৱাইছে। এই কথা স্বাস্থ্য মন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাই টুইট যোগে জনাইছে।