অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত ৰদবদল

99

নগাঁৱত লীনা দলেক আৰক্ষী অধীক্ষকৰূপে নিযুক্তি।

ইয়াৰ পূৰ্বে বিশ্বনাথৰ আৰক্ষী অধীক্ষকৰূপে কাৰ্যনিৰ্বাহ কৰি আছিল লীনা দলে।

নগাঁৱৰ প্ৰাক্তন আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ ঠাইত তেওঁক দিয়া হৈছে দায়িত্ব।

ইফালে শদিয়াৰ আৰক্ষী অধীক্ষক মোহন লাল মীনাক যোৰহাটৰ আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি দিয়া হৈছে।

১নং এপিবিএনৰ কামাণ্ডেণ্ট শ্ৰী যুৱৰাজক চৰাইদেউৰ আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি দিয়া হৈছে।

শিৱসাগৰৰ আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি দিয়া হৈছে শুভ্ৰজ্যোতি বৰাক।

চৰাইদেউৰ আৰক্ষী অধীক্ষক সুধাকৰ সিঙক গুৱাহাটী (পূৱ) আৰক্ষী উপায়ুক্ত পদলৈ বদলি কৰা হৈছে।

দৰং জিলাৰ আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাক শোণিতপুৰ জিলাৰ আৰক্ষী অধীক্ষক পদলৈ বদলি কৰা হৈছে।