অশান্ত মণিপুৰ! পুনৰ গুলীচালনাত মৃত্যু এজনৰ, আহত কেইবাজনো

2500

অব্যাহত আছে মণিপুৰৰ অশান্ত পৰিস্থিতিৰ। ৰাজ্যখনৰ ইম্ফল পশ্চিম-কাংপোকপি সীমান্তৱৰ্তী অঞ্চলৰ ফায়েং আৰু চিংদা গাঁৱত মাজে মাজে সংঘটিত গুলীচালনাৰ ঘটনাই পৰিস্থিতি পুনৰ অস্থিৰ কৰি তুলিছে।

দেওবাৰে মাজনিশা দুটা ফৈদৰ মাজৰ গুলীচালনাত কেইবাজনো লোক আহত হোৱাৰ লগতে এজন লোকৰ মৃত্যু ঘটা বুলিও জানিব পৰা গৈছে।

পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে অতিৰিক্ত অসম ৰাইফলছৰ জোৱানক নিযুক্তি দিয়া হয় যাৰ ফলত পুৱালৈকে গুলীচালনা বন্ধ হৈ পৰে।

উল্লেখযোগ্য যে সোমবাৰে পুৱা পুনৰ চিংডা গাঁৱৰ পৰা পাহাৰৰ ফালে অপ্ৰৰোচিত গুলীচালনা আৰম্ভ হয়।

দুয়োপক্ষৰ পৰা হতাহতি হোৱাৰ সম্ভাৱনা আছে। ইফালে সেনা-আৰক্ষীয়ে অঞ্চলটোত তালাচী অভিযান অব্যাহত ৰাখিছে।