অবৈধভাৱে অসমত প্ৰৱেশ কৰা ৮ বাংলাদেশী নাগৰিকক স্বদেশলৈ প্ৰেৰণ…

172

বৈধ নথি-পত্ৰ অবিহনে ভাৰতত প্ৰৱেশ কৰা কমেও ৮ জন বাংলাদেশী নাগৰিকক শনিবাৰে কৰিমগঞ্জ জিলাৰ পৰা বাংলাদেশলৈ বিতাড়িত কৰা হয়।

এগৰাকী মহিলাকে ধৰি বাংলাদেশী নাগৰিকক আইনী পদ্ধতিৰে সুতাৰকান্দিৰ আন্তঃৰাষ্ট্ৰীয় সীমান্ত পইণ্টৰ জৰিয়তে বিতাড়ন কৰা হয়।

খবৰ অনুসৰি কোনো বৈধ নথি-পত্ৰ নোহোৱাকৈ তেওঁলোকে বিভিন্ন সময়ত অসমৰ বিভিন্ন প্ৰান্তৰ মাজেৰে ভাৰতত প্ৰৱেশ কৰিছিল।

বাংলাদেশী নাগৰিককেইজনৰ নাম মঃ লাল মিঞা ওৰফে মহম্মদ লাল মিঞা কাজী, লাল মিঞা ওৰফে লালান মিঞা, মহিৰ উদ্দিন, মহম্মদ আব্দুল মতিন, ফৰিদ আলম ওৰফে আকাশ, আতাবুৰ ৰহমান, ফাইমা বেগম ওৰফে ফৈমা আৰু মঃ ৰহিম মিঞা ওৰফে ফিৰদাউছ।

সীমান্ত শাখাৰ উপ পৰিদৰ্শকে কয়, ‘আজি আমি ৮ জন বাংলাদেশী নাগৰিকক বাংলাদেশলৈ বিতাড়িত কৰিছো। বৈধ নথি-পত্ৰ অবিহনে ভাৰতত প্ৰৱেশ কৰাৰ পিছতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত গ্ৰেপ্তাৰ কৰে দুয়োকে। আঠজন বাংলাদেশী নাগৰিকৰ ভিতৰত কৰিমগঞ্জ জিলাত ৫ জন, কাছাৰ জিলাৰ এজন আৰু কামৰূপ জিলাত ২জনক গ্ৰেপ্তাৰ কৰা হৈছে।”