অতি সোনকালেই সলনি হ’ব গাড়ীৰ হৰ্ণ: বিকট হৰ্ণৰ পৰিৱৰ্তে বাজিব তবলা, তাল, ভায়োলিন, বাঁহী

9185

অতি সোনকালেই সলনি হ’ব গাড়ীৰ হৰ্ণ। এই ইংগিত দিলে কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰী নীতিন গডকাৰীয়ে। বৰ্তমানৰ বাহনৰ বিকট শব্দৰ পৰা নাগৰিকক পৰিত্ৰাণ দিয়াৰ লক্ষৰেই গাড়ীৰ হৰ্ণ সলনি কৰাৰ পৰিকল্পনা হাতত লৈছে কেন্দ্ৰীয় চৰকাৰে।

সংবাদমেলত গডকাৰীয়ে কয় যে বৰ্তমানৰ হৰ্ণৰ শব্দই পুৱাৰ নিৰৱতাখিনি ভঙ্গ কৰাৰ লগতে সাধাৰণ নাগৰিকক অসুবিধা দিয়ে। যাৰ বাবে বাদ্যযন্ত্ৰৰ শুৱলা ধ্বনিৰ দৰেই গাড়ীৰ হৰ্ণ নিৰ্মান কৰাৰ ব্যৱস্থা কোৱা হৈছে।

গাড়ীৰ হৰ্ণ ভাৰতীয় তবলা, তাল, ভায়োলিন, বাঁহী আদি বাদ্যযন্ত্ৰৰ সুমধুৰ শব্দৰ দৰে হবলাগে বুলি মন্তব্য কৰে নীতিন গডকাৰীয়ে।