অগ্নিগৰ্ভ মণিপুৰত এইবাৰ কেন্দ্ৰীয় মন্ত্ৰীৰ ঘৰত চলিল আক্ৰমণ। বৃহস্পতিবাৰে নিশা আৰ কে ৰঞ্জন সিঙৰ ঘৰত কমেও ১০০০ দুষ্কৃতিকাৰীয়ে লুটপাত কৰে। নিৰাপত্তাৰক্ষী নিয়োগ কৰাৰ পিছতো দুষ্কৃতিকাৰীক ৰোধ কৰিব পৰা নগ’ল। চাৰিওফালৰ পৰা পেট্ৰল বোমা নিক্ষেপ কৰে দুষ্কৃতিকাৰীয়ে। যাৰ ফলত মন্ত্ৰীগৰাকীৰ বাসগৃহত অগ্নিকাণ্ড সংঘটিত হয়। অৱশ্যে জানিব পৰা মতে, ঘটনাৰ সময়ত কেন্দ্ৰীয় মন্ত্ৰীগৰাকী ঘৰত নাছিল। প্ৰসংগক্ৰমে যোৱা মাহত মন্ত্ৰীগৰাকীৰ বাসগৃহতো আক্ৰমণ সংঘটিত হৈছিল।
বিগত দুমাহ ধৰি কুকি আৰু মেইটেই জনজাতিৰ মাজত সংঘৰ্ষৰ ফলত মণিপুৰ উত্তপ্ত হৈ পৰিছে। ৰাজধানী ইম্ফলৰ পৰা আৰম্ভ কৰি বিভিন্ন অঞ্চলত বহু লোক হিংসাৰ বলি হৈছে। বুধবাৰে কাংপোকপি জিলাৰ খামেলোক গাঁৱত ভয়ংকৰ হিংসাৰ বলি হৈছিল ১১জন লোক। নিৰাপত্তাৰক্ষীৰ সৈতে অহৰহ সংঘৰ্ষত লিপ্ত হৈছে দুষ্কৃতিকাৰী। মুঠতে মণিপুৰত হিংসাৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা প্ৰায় এশজনলৈ বৃদ্ধি পাইছে। এনে পৰিস্থিতিত বৃহস্পতিবাৰে কেন্দ্ৰীয় শিক্ষা ৰাজ্যিক মন্ত্ৰীৰ বাসগৃহতো আক্ৰমণ সংঘটিত হয়।
ইম্ফলত থকা কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ বাসগৃহৰ দায়িত্বত আছিল মুঠ ২২জন নিৰাপত্তাৰক্ষী। জানিব পৰা মতে, সান্ধ্য আইনক আওকাণ কৰি কংবা অঞ্চলত মন্ত্ৰীগৰাকীৰ ঘৰৰ সন্মুখত কমেও ১ হাজাৰ লোক সমবেত হয়। নিৰাপত্তাৰক্ষীৰ মতে এই সংখ্যা ১২০০। দুৰ্বৃত্তই ঘৰ ঘেৰাও কৰি পেট্ৰ’ল বোমা নিক্ষেপ কৰিবলৈ আৰম্ভ কৰে। তাৰ বাবেই গোটেই ঘৰটোত জুই লাগে। মে’ মাহতো মন্ত্ৰীৰ ঘৰত আক্ৰমণৰ পৰিকল্পনা কৰা হৈছিল। কিন্তু সেই সময়ত নিৰাপত্তাৰক্ষীয়ে পইণ্ট ব্লেংক ৰেঞ্জত দুষ্কৃতিকাৰীক গুলীয়াই হত্যা কৰে।
বৃহস্পতিবাৰে মন্ত্ৰীগৰাকীৰ নিৰাপত্তাৰ দায়িত্বত আছিল এস্কৰ্ট কমাণ্ডাৰ এল দিনেশ্বৰ সিঙ। তেওঁ ক’লে, “বিপুল জনসমাগম আহি গোট খালে। তেওঁলোকৰ গণ প্ৰতিবাদৰ বাবে পৰিস্থিতি সম্পূৰ্ণৰূপে হাতৰ পৰা আঁতৰি গ’ল। বোমা নিক্ষেপ কৰি থাকিল। ঘৰৰ সন্মুখৰ দুৱাৰৰ পৰা পিছফালৰ আলিলৈ – সকলো ঠাইৰ পৰা বোমা নিক্ষেপ কৰা হৈছিল। উত্তেজিত জনসমাগমক বাধা দিয়াটো অসম্ভৱ আছিল।”
ৰাজ্যসভাৰ সাংসদ ডেৰেক অ’ ব্রায়ানে মণিপুৰৰ পৰিস্থিতি সন্দর্ভত জৰুৰী বৈঠকৰ দাবীত সংসদৰ গৃহ মন্ত্র্যালয় কমিটীলৈ চিঠি লিখিছে৷ কেৱল হিংসাই নহয়, ইয়াৰ বাবেই সাধাৰণ জনতাৰ দৈনন্দিন জীৱন ব্যাহত হৈছে। দৈনন্দিন প্রয়োজনীয় বস্তুৰ ব্যাপক মূল্যবৃদ্ধি, আর্থিক সংকট – সকলো ক্ষন্তেকীয়া আলোচনাৰ জৰিয়তে সমাধান কৰিব লাগিব বুলি মন্তব্য কৰে তৃণমূল নেতাগৰাকীয়ে৷