অগপ এৰি এজেপিত যোগ দিয়া পবিন্দ্ৰ ডেকাৰ বিধায়ক পদ খাৰিজৰ দাবী অগপ নেতৃত্বৰ

76

অসম গণ পৰিষদৰ পৰা পদত্যাগ কৰি অসম জাতীয় পৰিষদত যোগদান কৰাৰ পিছতে পাটাছাৰকুছি সমষ্টিৰ বিধায়ক পবিন্দ্ৰ ডেকাৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে অগপ নেতৃত্ব। পবিন্দ্ৰ ডেকাৰ বিধায়ক পদ খাৰিজ কৰাৰ দাবীৰে বিধানসভাৰ অধ্যক্ষলৈ আবেদন পত্ৰও প্ৰেৰণ কৰিছে অসম গণ পৰিষদৰ সভাপতি অতুল বৰাই।

অগপ নেতৃত্বৰ অভিযোগ অনুসৰি, পবিন্দ্ৰ ডেকা ২০১৬ৰ বিধানসভা নিৰ্বাচনত অগপৰ প্ৰাৰ্থীৰূপেহে পাটাছাৰকুছি সমষ্টিত জয়লাভ কৰিছিল। কিন্তু তেওঁ এতিয়া অগপ ত্যাগ কৰাৰ পিছতে বিধায়ক হোৱাৰ মৰ্যাদাও হেৰুৱাই পেলাইছে। তেনে পৰিস্থিতিত পবিন্দ্ৰ ডেকাৰ বিধায়ক পদ খাৰিজ কৰিবলৈ দাবী জনাইছে অতুল বৰাই।