আজি ১৮ নৱেম্বৰ – ঈশ্বৰপুত্ৰ জুবিন গাৰ্গৰ ওপজা দিন। কায়িকভাৱে জুবিন গাৰ্গ আমাৰ মাজত নাই যদিও অনুৰাগীসকলে নিশাই কেক কাটি উদযাপন কৰে প্ৰাণৰ শিল্পীগৰাকীৰ জন্মদিন।প্ৰাণৰ শিল্পীক বিচাৰি জুবিনক্ষেত্ৰত অনুৰাগীয়ে ভিৰ কৰা পৰিলক্ষিত হৈছে। উল্লেখযোগ্য যে, ১৯৭২ চনত জন্মগ্ৰহণ কৰা জুবিন গাৰ্গৰ এইবাৰ ৫৪ সংখ্যক জন্মদিন।শিল্পীগৰাকীৰ আজিৰ এই দিনটোত অসমৰ ভিন্ন প্ৰান্তত দল- সংগঠনসমূহে আয়োজন কেতবোৰ কাৰ্যসূচীৰ। তাৰোপৰি ডিব্ৰুগড়ত জুবিন ফেন ক্লাৱৰ উদ্যোগতো বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব।
