আজি তামুলপুৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত সমবায়; খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা তথা গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে এখন পৰ্যালোচনা সভাত অংশ লয়। মন্ত্ৰীগৰাকীৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত সংশ্লিষ্ট বিভাগকেইটাৰ অধীনত ৰূপায়ণ হৈ থকা বিভিন্ন চৰকাৰী আঁচনি আৰু পদক্ষেপৰ অগ্ৰগতি তথা ৰূপায়ণৰ স্থিতি পৰ্যালোচনা কৰা হয়। পৰ্যালোচনা সভাখনৰ আগে আগে মন্ত্ৰীগৰাকীয়ে তামুলপুৰৰ এটা ধান ক্ৰয় কেন্দ্ৰত উপস্থিত হৈ স্থানীয় কৃষক শ্ৰীমতী বিলাইশ্ৰী দৈমাৰীৰ পৰা ধান ক্ৰয়ৰ জৰিয়তে আনুষ্ঠানিকভাৱে এই প্ৰক্ৰিয়াৰ শুভাৰম্ভ কৰে। লগতে ধান ক্ৰয় কেন্দ্ৰত উপস্থিত থকা কৃষকসকলৰ সৈতে মত বিনিময় কৰি তেওঁলোকৰ অভিজ্ঞতা আৰু অভাৱ-অভিযোগৰো বুজ লয়। মন্ত্ৰীগৰাকীয়ে তাৰ সমান্তাৰভাৱে তামুলপুৰ জিলা বহুমুখী সমবায় সমিতিত উপস্থিত হৈ সমিতিৰ প্ৰতিনিধিসকলৰ সৈতেও মত বিনিময় কৰে। মত বিনিময়ৰ সময়ত সমবায় সমিতিসমূহক নতুন নতুন ব্যৱসায়িক সম্ভাৱনাৰ অন্বেষণ কৰিবলৈ, কামকাজৰ পৰিসৰ বৃদ্ধি কৰিবলৈ আৰু সাংগঠনিক তথা প্ৰাতিষ্ঠানিক সক্ষমতা অধিক শক্তিশালী কৰিবলৈ উৎসাহিত কৰে। তাৰ পাছত জিলা আয়ুক্ত কাৰ্যালয়ৰ পৰ্যালোচনা সভাখনত সমবায় সমিতিসমূহৰ কামকাজ, সুলভ মূল্যৰ দোকান, ৰাজহুৱা বিতৰণ ব্যৱস্থা, ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ হিতাধিকাৰীসকলৰ বাকী থকা ই-কেৱাইচি প্ৰক্ৰিয়া, প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ অধীনত আধাৰ সংযোগ, নিষ্ক্ৰিয় ৰেচন কাৰ্ড, পুঁজিৰ ব্যৱহাৰ, প্ৰধানমন্ত্ৰী গৰিব কল্যাণ অন্ন যোজনা, চলি থকা ধান ক্ৰয় প্ৰক্ৰিয়া, কৃষকৰ পঞ্জীয়ন আদি বিষয়ৰ ওপৰত বিস্তৃত আলোচনা কৰা হয়। ইয়াৰ উপৰি গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ অধীনত প্ৰধানমন্ত্ৰী আৱাস যোজনা (নগৰ), নগৰ স্থানীয় নিকায়ৰ স্বচ্ছতা সম্পৰ্কীয় কামকাজ আৰু ষষ্ঠদশ বিত্ত আয়োগৰ অধীনৰ বিভিন্ন কাম-কাজৰ অগ্ৰগতিৰ বিষয়েও পৰ্যালোচনা কৰা হয়। চৰকাৰী আঁচনিসমূহৰ সুফল যাতে প্ৰকৃত হিতাধিকাৰীসকলে সময় মতে লাভ কৰে, সেয়া নিশ্চিত কৰাৰ বাবে বিভাগসমূহৰ মাজত সু-সমন্বয়, সমস্যাসমূহৰ সময়োচিত সমাধান আৰু জিলা পৰ্যায়ত নিয়মীয়া নিৰীক্ষণৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হয়। লগতে ধান ক্ৰয় কেন্দ্ৰ আৰু সুলভ মূল্যৰ দোকানসমূহৰ কামকাজ যাতে সুচাৰুৰূপে, স্বচ্ছতাৰে আৰু দক্ষতাৰে পৰিচালিত হয়, সেয়া নিশ্চিত কৰিবলৈ মন্ত্ৰীগৰাকীয়ে জিলা আয়ুক্তক এই কেন্দ্ৰ আৰু দোকানসমূহৰ কামকাজ কঠোৰভাৱে আৰু নিয়মীয়াকৈ নিৰীক্ষণ কৰিবলৈ নিৰ্দেশ দিয়ে। সভাখনত বিশেষকৈ কৃষক আৰু হিতাধিকাৰীসকলৰ স্বাৰ্থ সুৰক্ষিত ৰখাৰ ওপৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰা হয়। ধান ক্ৰয় কেন্দ্ৰত কৃষকে ধান জমা দিয়াৰ তিনি দিনৰ ভিতৰত কৃষকক প্ৰাপ্য মূল্য আদায় দিয়াৰ ব্যৱস্থা কৰা বুলিও মন্ত্ৰীগৰাকীয়ে সদৰী কৰে।
