অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুৰ উছাহৰ মাজতে আজি ‘জুবিন ক্ষেত্ৰ’ত এক ব্যতিক্ৰমী তথা আৱেগিক পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে । অসমবাসীৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অনুপস্থিতিত যেন আধৰুৱা হৈ পৰিছে এইবাৰৰ বসন্ত উদযাপন । তথাপিও, শিল্পীগৰাকীৰ প্ৰতি থকা অগাধ মৰম আৰু সন্মান প্ৰদৰ্শন কৰি আজি পহিলা ব’হাগৰ দিনটোত জুবিন ক্ষেত্ৰত ভিৰ কৰিছেহি শ শ অনুৰাগীয়ে ।
পুৱাৰে পৰা জুবিন ক্ষেত্ৰত অনুৰাগীৰ ভিৰ পৰিলক্ষিত হৈছে । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা অনুৰাগীসকলে জুবিন ক্ষেত্ৰত শ্ৰদ্ধা নিবেদন কৰিছে ৷ অনুৰাগীসকলে শিল্পীগৰাকীৰ প্ৰতি থকা মৰমৰ চিনস্বৰূপে বিহুৱান, জাপি আদি অৰ্পণ কৰে পহিলা বহাগৰ দিনটোত । উল্লেখ্য যে, জুবিন গাৰ্গক তেওঁৰ অনুৰাগীসকলে কাহানিও অকলশৰীয়া হ’বলৈ দিয়া নাই আৰু আজিৰ এই ভিৰেই তাৰ প্ৰমাণ ।
