জুবিন গাৰ্গৰ ৰেঞ্জ ৰ’ভাৰ বাহনখনৰ বিতৰ্কক লৈ ক্ষোভ উজাৰিলে পামী বৰঠাকুৰে। তেওঁ সাংবাদিকৰ আগত কয়- “কি পৰিস্থিতিত পৰি জুবিনৰ পৰিয়ালে ৰেঞ্জ ৰ’ভাৰখন বিক্ৰী কৰিবলগীয়া হ’ল সেই কথা কোনোবাই এবাৰ সুধিছেনে?”ব্যক্তিগত জীৱনৰ কথা ৰাজহুৱা কৰাৰ অধিকাৰ কোনে দিলে? কাৰোবাৰ যদি কিবা জানিবৰ মন আছে, তেন্তে ভদ্ৰভাৱে প্ৰশ্ন কৰক। গৰিমা গাৰ্গলৈ এখন মুকলি চিঠি লিখক, ভালদৰে প্ৰশ্ন কৰক। যিসকল মানুহে এই বিষয়টোক লৈ সামাজিক মাধ্যমত ইমান চিঞৰ-বাখৰ কৰি আছে, তেওঁলোকৰ আচৰণ দেখি মোৰো প্ৰশ্ন হয়— সঁচাকৈয়ে তেওঁলোকে জুবিনক ভাল পাইছিলনে?”যিখিনি মানুহে সামাজিক মাধ্যমত চিঞৰ বাখৰ কৰি আছে সেইখিনি মানুহ জুবিন প্ৰেমী নহয়।মানস ৰবীনৰ অনুষ্ঠানলৈ নহা সকল জাৱৰ ।
জুবিনৰ আদৰ্শ হল কৰ্ম।সেইখিনি মানুহ আহে তেওঁলোকে জুবিনক সমালোচনা কৰি নাথাকে।
