এতিয়া জুবিন গাৰ্গক আন্তৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ যোৱাৰ প্ৰক্ৰিয়া আৰম্ভ।মাইকেল জেকচনৰ সৈতে একেলগে থাকিব জুবিন গাৰ্গৰ মমৰ প্ৰতিমূৰ্তি । দেওবাৰে খানাপাৰাৰ পৰা আৰম্ভ জুবিন গাৰ্গক মেডাম টুছ’ মিউজিয়ামলৈ নিয়া প্ৰক্ৰিয়া । শিল্পী মানস ৰবীনে সকলোকে আহ্বান জনাই সামাজিক মাধ্যমত #ZubeenGargStatueInMadameTussauds লিখিবলৈ কয় । সংগীত শিল্পী মানস ৰবীনে ন্যায়ৰ নহয় জুবিন গাৰ্গক আন্তৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ যোৱাৰ পৰিকল্পনা কৰিছে ৷‘‘মেডাম টুছ’ মিউজিয়ামত প্ৰতিষ্ঠা কৰা মাইকেল জেকচনৰ শেষ যাত্ৰাত যিমান মানুহে সংগ দিছিল, জুবিন গাৰ্গৰ শেষ যাত্ৰাত সংগ দিয়া মানুহৰ সংখ্যা তাতকৈ বেছি হ’লেও কম নহয় ৷ সেই সূত্ৰে লণ্ডনৰ নিৱাসী মানাহীল হুছেইন বাগদাদীয়ে গোটেই কাম খিনি আগবঢ়াইছে । এতিয়া #ZubeenGargStatueInMadameTussauds সামাজিক মাধ্যমত চলাব লাগে । এক মিলিয়ন হ’লে জুবিন গাৰ্গৰ এটা মমৰ প্ৰতিমূৰ্তি স্থাপনৰ বাবে মেডাম টুছ’ মিউজিয়াম কৰ্তৃপক্ষই বিবেচনা কৰিব। এই কামটো আমাৰ ৰাইজে কৰিব লাগিব ।’’জুবিন গাৰ্গ কেৱল এজন শিল্পী নহয়, তেওঁ অসমৰ আৱেগ, অসমৰ পৰিচয়। তেওঁৰ জনপ্ৰিয়তা এতিয়া অসমৰ সীমা অতিক্ৰম কৰি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ যোৱাৰ এক বিশেষ প্ৰয়াস।মাইকেল জেকচনৰ দৰে বিশ্ববিখ্যাত শিল্পীৰ সৈতে একেটা মিউজিয়ামত স্থান লাভ কৰিব অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গে—এই সপোনক বাস্তৱ ৰূপ দিয়াৰ লক্ষ্যৰে আগবাঢ়িছে সংগীত শিল্পী মানস ৰবীন।খানাপাৰাত মানস ৰবীনে আয়োজন কৰা ‘জুবিন দাৰ বাবে এদিন’ শীৰ্ষক অনুষ্ঠানত আনুষ্ঠানিকভাৱে মুকলি কৰা হয় এই বিশেষ অভিযানৰ হেছটেগ।এইবাৰ ন্যায়ৰ দাবীৰ সমান্তৰালকৈ জুবিন গাৰ্গৰ সৃষ্টিৰাজি, জনপ্ৰিয়তা আৰু অৱদানক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে নতুন পদক্ষেপ।মাডাম তুছো মিউজিয়ামত জুবিন গাৰ্গৰ মমৰ প্ৰতিমূৰ্তি স্থাপন হোৱাটো এতিয়াও এক লক্ষ্য আৰু প্ৰচেষ্টা। এই প্ৰচেষ্টা কিমানদূৰ সফল হয়, সেয়া সময়েহে ক’ব। কিন্তু এটা কথা নিশ্চিত—জুবিন গাৰ্গক বিশ্ব দৰবাৰত চিনাকি কৰাই দিয়াৰ এই অভিযানত এতিয়া অসমৰ ৰাইজৰ সহযোগিতাই হ’ব আটাইতকৈ ডাঙৰ শক্তি।
সেয়ে আহক, সকলোৱে সামাজিক মাধ্যমত লিখোঁ—
